TikTokৰ CEOক কিয় ‘বিশ্বাসঘাতক’ বুলি কোৱা হৈছে? আহক জানো

0
167

বিগত কেইবাটাও দিন ধৰি চীনৰ দেশপ্ৰেমীয়ে TikTok কোম্পানীৰ CEOৰ বিৰুদ্ধ উজাৰি আছে ক্ষোভ।

চীনৰ দেশপ্ৰেমীয়ে ইণ্টাৰনেটৰ প্ৰতিটো ছচিয়েল মিডিয়াত প্লেটফৰ্মত TikTokৰ CEO ঝাং য়িমিং(Zhang Yiming)ক সমালোচনা কৰি আছে।

ক্ষুব্ধ হৈ CEO গৰাকীক বিশ্বাসঘাতক বুলিও কোৱা হৈছে।

কিয় লক্ষ্য কৰি লৈছে TikTokৰ CEOক

সূত্ৰ অনুসৰি চীনৰ কোম্পানী বাইটডাঞ্চ(ByteDance)ৰ এপ টিকটকক মাইক্ৰছফ্টে ক্ৰয় কৰিব পাৰে।

এইবিলাক খবৰৰ মাজতে চীনৰ দেশপ্ৰেমীয়ে CEO ঝাং য়িমিং(Zhang Yiming)ক লক্ষ্য কৰি লৈছে।

চীনৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম বিবো(Wiebo)ত চীনৰ দেশপ্ৰেমীয়ে নিজৰ ক্ষোভ উজাৰি আছে।

এই প্লেটফৰ্মত টিকটকৰ CEOয়ে ব্যৱসায়টো আমেৰিকাত মাইক্ৰছফ্টক বিক্ৰী কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আছে।

TikTokৰ CEOক বিশ্বাসঘাতক বুলিও কোৱা হৈছে।

ছচিয়েল ছাইটৰ পৰা নিজৰ কমেণ্টো লুকাব লগীয়া হয়

এটা চীনৰ সাংবাদিকে টুইটাৰত জনাই যে দেশপ্ৰেমীৰ ক্ষোভৰ প্ৰভাৱ এইটো হ’ল যে,

খোদ টিকটকৰ CEO ঝাং য়িমিং(Zhang Yiming)ক বিবো(Wiebo)ৰ পৰা সকলো কমেণ্ট লুকাবলগীয়া হয়।

বৰ্তমান তেওঁৰ একাউণ্টত গৈ কোনোবাই যদি কিবা লিখে তেন্তে কোনোৱেও দেখা নাপায়।

উল্লেখ্য যে কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে টিকটক নিষিদ্ধ কৰাৰ কথা কৈছিল।

লগতে নতুন চৰ্তৰ অনুসৰি টিকটকক কোৱা হৈছিল যে যদি ইয়াক কোনোবা আমেৰিকা কোম্পানীয়ে ক্ৰয় কৰে তেন্তে নিষিদ্ধ নহ’ব।

Photo Credit: zee news