ভাৰতত পুনৰ আৰম্ভ হ’ব টিকটক! আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে কিনাৰ সম্ভাৱনা

0
238

জুন আৰু জুলাই মাহত ভাৰতত নিষিদ্ধ হয় বহু কেইটা চাইনীজ এপ। ইয়াৰ ভিতৰত টিকটক অন্যতম আছিল। ভাৰতত বহু কোটি লোক এই টিকটকৰ সৈতে জড়িত হৈ পৰিছিল।

ভাৰতত জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰিছিল এই টিকটক। ভাৰতৰ পিছতে আমেৰিকাতো নিষিদ্ধ হয় এই বহু জনপ্ৰিয় ভিডিঅ’ বনোৱা এপ টিকটক।

পিছে ইয়াৰ মাজতে খবৰ আহিছে যে, ভাৰতত ইয়াৰ জনপ্ৰিয়তাৰ গ্ৰাফ দেখি টিকটকৰ ভাৰতীয় শাখা ক্ৰয় কৰিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। ইয়াৰ ববে টিকটকৰ সৈতে আলোচনা চলাই আছে বৰ্তমানে।

ৰিপৰ্টত জানিব পোৱা মতে দুয়ো কোম্বানীৰ মাজত আলোচনা চলি আছে যদিও বৰ্তমানলৈকে কোনো এটাইয়ো ইয়াৰ ওপৰত তথ্য সদৰি কৰা নাই।

উল্লেখ্য যে, ভাৰতে নিষিদ্ধ কৰাৰ সময়ত টিকটকৰ বিশ্বজুৰি যিমান খিনি জনপ্ৰিয়তা আছিল ইয়াৰে ৩০ শতাংশ ব্যৱহাৰকাৰী কেৱল ভাৰতৰে আছিল। আৰু ইয়াৰ মুঠ উপাৰ্জনৰ ১০ শতাংশ কেৱল ভাৰতীয় ব্যৱহাৰকাৰীৰ পৰাই হৈছিল।

দুয়ো কোম্পানীয়ে যদিও কোনো কথা ৰাজহুৱাকৈ সদৰি কৰা নাই তথাপি টিকটক ভাৰতত প্ৰৱেশ কৰাৰ বাবে সকলো প্ৰক্ৰিয়া একপ্ৰকাৰ আৰম্ভ হৈ গৈছে

Photo Credit: Twitter.com and Google play