মহানগৰীত পুনৰ ডকাইতি; ৰছীৰে হাত-ভৰি বান্ধি দুৰ্বৃত্তই কৰিলে লুটপাত

0
100

মহানগৰী গুৱাহাটী যেন প্ৰৰ্যায়ক্ৰমে এখন অপৰাধ নগৰী হৈ পৰিছে। নিৰাপত্তা মোহোৱা পৈছে খোদ নিৰাপত্তাৰক্ষীৰে। এইবাৰ ডকাইতৰ লক্ষ্যস্থান ড’মিজৰ বিপণী। বুধবাৰে পুৱা ৪ মান বজাত গুৱাহাটীৰ ড’মিজৰ পিজ্জাৰ বিপণীত ডকাইতৰ এটা দলে লুটপাত কৰে।

গণেশগুৰিৰ নয়নপুৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা। খবৰ অনুসৰি কৰ্মচাৰীসকলক ৰছীৰে হাতে-ভৰিয়ে বান্ধি ৫-৬ জনীয়া দুৰ্বৃত্তই লুটপাত কৰিলে প্ৰতিষ্ঠানখনত।

উল্লেখযোগ্য যে, মহানগৰীত হোৱা ধাৰাবাহিক ডকাইটিৰ ঘটনাই আৰক্ষীৰ দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰাৰ অভিযোগ কৰিছে একাংশ মহানগৰবাসীয়ে। আনহাতে ঘটনা সংঘটিত হোৱাৰ ৫-৬ ঘন্টাৰ পাছতো আৰক্ষী ঘটনাস্থলিত উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে একাংশ লোকে।

অৱশ্যে বৰ্তমান সময়ত আৰক্ষী লোক ঘটনাস্থলিত উপস্থিত হৈ ঘটনাৰ শোধ-পোছৰ কাৰণে ৪জন লোকক আতক কৰিছে।

খবৰ অনুসৰি তেওঁলোকে উৰা মাৰিলে, যাৰ ফলত কৰ্মচাৰীসকলক ৰছীৰে বান্ধি থোৱা হ’ল। অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।