
মহানগৰীত প্ৰথমজন কৰ’ণা আক্ৰান্ত ব্যক্তি মনীষ তিবাৰৱাল। স্পেনিছ গাৰ্ডেনৰ বাসিন্দা লোকজনৰ নিজাবৱীয়াকৈ আহ্বান। শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে নিজৰ হোৱাটছ্ এপ ষ্টেটাছৰ জৰিয়তে আহ্বান লোকজনৰ। তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে নিজাকৈ হ’লেও কোৱাৰাইণ্টাই হ’বলৈ কৰিছে আহ্বান।

স্পেনিছ গাৰ্ডেনৰ D BLOCK ফ্লেটৰ ৭০৪ নম্বৰ এপাৰ্টমেন্টৰ বাসিন্দা আছিল লোকজন। নিজামুদ্দিনলৈ নগলেও ২৮ ফেব্ৰুৱাৰীত দিল্লীলৈ গৈছিল লোকজন। ১ মাৰ্চত গুৱাহাটীলৈ ঘূৰি আহিছিল লোকজন। পিছে ১৪দিনৰ পিছতহে লোকজনৰ শৰীৰত ধৰা পৰিছিল কৰ’ণাৰ উপস্থিতি।
বৰ্তমাান স্পেনিছ গাৰ্ডেনত আৰক্ষী বাহিনী। সম্পূৰ্ণ স্পেনিছ গাৰ্ডেন নিৰীক্ষণ কৰিছে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীয়ে। কৰ’ণাত আক্ৰান্তৰ তথ্যৰ পিছতে স্পেনিছ গাৰ্ডেনত তাৎক্ষণিক ব্যৱস্থা প্ৰশাসনৰ।
Photo Credit: @dhrubaborah