তিনিটা সন্তানৰ মাতৃ হ’ল সীতা! ৰাষ্ট্ৰীয় জুলজিকেল পাৰ্কলৈ আহিল তিনিটা বগা বাঘৰ পোৱালী

0
68

তিনিটা সন্তানৰ মাতৃ হ’ল সীতা! ৰাষ্ট্ৰীয় জুলজিকেল পাৰ্কলৈ আহিল তিনিটা বগা বাঘৰ পোৱালী

নতুন দিল্লী স্থিত ৰাষ্ট্ৰীয় জুলজিকেল পাৰ্কত তিনিটা বগা বাঘৰ পোৱালী জন্ম হৈছে। তিনিওটা বাঘৰ পোৱালীয়ে স্বাস্থ্যবান। পোৱালী কেইটাক জন্ম দিয়া সিহঁতৰ মাক সীতাও বৰ্তমান সুস্থ।

এই বগা বাঘৰ পোৱালী কৈইটাৰ বাপেক হৈছে বিজয়। চিৰিয়াখানা খনৰ পৰিচালক ধৰ্মদেৱ ৰায়ে কয় যে বাঘিনী সীতা আৰু তেওঁৰ তিনিওটা সন্তানেই বৰ্তমান সুস্থ।

চিৰিয়াখানাৰ কৰ্মচাৰী সকলে সীতা আৰু তাইৰ পোৱালী কেইটাৰ খাদ্যৰ লগতে স্বাস্থ্যৰো সম্পূৰ্ণ ধ্যান ৰাখিছে। তেওঁলোকৰ গড়ালৰ ভিতৰ আৰু বাহিৰত চিচিটিভি ও লগোৱা হৈছে।

পৰিচালক গৰাকীয়ে কয় যে কেইদিনমানৰ পিছত যেতিয়া বগা বাঘৰ পোৱালী কেইটা অকমান ডাঙৰ হ’ব তেতিয়া চিৰিয়াখানালৈ অহা দৰ্শনাৰ্থীয়ে তেওঁলোকক চাব পাৰিব।

জানিব পৰা মতে সমগ্ৰ পৃথিৱীতে প্ৰায় ২০০ মান বগা বাঘৰ প্ৰজাতি আছে। কিন্তু সকলো বগা বাঘেই চিৰিয়াখানাতে আছে। সচৰাছৰ এই বগা বাঘ ভাৰত, নেপাল, ভূটান আৰু বাংলাদেশত পোৱা যায়।