31 C
Guwahati
Tuesday, October 12, 2021
More

    প্ৰতিশোধ, কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

    প্ৰতিশোধ, কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

    জম্মু-কাশ্মীৰত সোমবাৰে সন্ত্ৰাসবাদীৰ আকস্মিক আক্ৰমণত পাঁচজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হোৱাৰ পাছতে প্ৰবল সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে।

    ভাৰতীয় সেনা বাহিনীৰ এনকাউণ্টাৰত আজি কাশ্মীৰৰ শ্বফিয়ান জিলাত লস্কৰ-ই-তৈবাৰ অধীনত নতুনকৈ গঠন হোৱা দ্যা ৰেজিছটেঞ্চ ফ্ৰণ্ট চমুকৈ টি আৰ এফৰ তিনিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

    মৃত্যু হোৱা সন্ত্ৰাসবাদী তিনিজন ক্ৰমে- মুখতাৰ শ্বাহ, ডেনিছ আহমেদ আৰু য়াৱাৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

    ইয়াৰে ভিতৰত মুখতাৰ শ্বাহ নামৰ সন্ত্ৰাসবাদীজন অলপতে কাশ্মীৰত সাধাৰণ নাগৰিকক হত্যা কৰা কাৰ্য্যৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে।

    সুৰক্ষা বাহিনীৰ অভিযানকাৰী দলে প্ৰথমতে সন্ত্ৰাসবাদী কেইজনক বহুবাৰ আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাইছিল যদিও সন্ত্ৰাসবাদী কেইজনে নুশুনাৰ বাবেই এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয়।

    নিহত সন্ত্ৰাসবাদী তিনিজনৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

    আৰু পঢ়ক : অনলাইন জুৱাত আসক্ত যুৱকৰ ৫ লাখ টকাৰ ঘাটি, কৰিলে এক ভয়ংকৰ কাণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং