25 C
Guwahati
Wednesday, October 20, 2021
More

    ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ

    ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ

    ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ। গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ কছাৰী ঘাটত কালি ১৫ ছেপ্তেম্বৰ তাৰিকে গা ধুবলৈ আহি সন্ধানহীন হৈছিল।

    সেই তিনি কিশোৰৰ মৃতদেহ আজি ১৬ ছেপ্তেম্বৰ তাৰিখে উদ্ধাৰ হয় । কিশোৰ তিনিগৰাকীৰ ভিতৰত নবী হুছেইনৰ মৃতদেহ আজি দুপৰীয়াৰ ভাগত NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ কৰে ।

    বিয়লি প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত উদ্ধাৰ অভিযান স্থগিত কৰাৰ সময়তে ধুমুহা বৰষুণৰ বাবে সৃষ্টি হোৱা নৈৰ ঢৌ ফলত মুক্তাৰ হুছেইন, আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ দুটা ভাঁহি উঠে ।

    পিছত উদ্ধাৰকাৰী বাহিনী আৰু স্থানীয় ৰাইজে মৃতদেহ দুটা উদ্ধাৰ কৰে।

    উল্লেখযোগ্য যে, গোৱালপাৰা চহৰৰ বৰ পাহাৰৰ চাৰি গৰাকী কিশোৰ কালি দুপৰীয়াৰ সময়ত নৈৰ পাৰত আহিছিল যদিও ইয়াৰে তিনি গৰাকী পানীত গা ধুবলৈ নামি সন্ধানহীন হৈ পৰে ।

    কিশোৰ তিনি গৰাকীৰ সন্ধানত নদী আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুৱে কালি উদ্ধাৰ অভিযান চলোৱাৰ পিছত আজি পুৱাৰে পৰা পুনৰ উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছিল ।

    এই তিনি কিশোৰৰ সলিল সমাধিৰ ঘটনাই সমগ্র গোৱালপাৰা চহৰত শোকৰ ছা পেলাইছে ।

    Input – Manjur Alom

    আৰু পঢ়ক : ভাইৰেল হোৱাৰ আশাত ৰাজপথৰ মাজতেই নৃত্য় কৰিলে যুৱতীয়ে, আৰক্ষীয়ে গ’ম পোৱাৰ পিছত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং