যোৰহাটত উদণ্ড যুৱকৰ গুণ্ডাগিৰী ! ৰাজপথতে তিনি শিক্ষাৰ্থীক উপৰ্যুপৰি আক্ৰমণ

0
60

যোৰহাটত উদণ্ড যুৱকৰ গুণ্ডাগিৰী ! ৰাজপথতে তিনি শিক্ষাৰ্থীক উপৰ্যুপৰি আক্ৰমণ

যোৰহাটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যোৰহাট অভিযান্ত্ৰীক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক যুৱকৰ ছুৰিকাঘাত। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( JORHAT INSTITUTE OF SCIENCE & TECHNOLOGY )ৰ তিনি শিক্ষাৰ্থীক এখন গাড়ীত অহা তিনিজন যুৱকে আক্ৰমণ কৰে।

মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত শিক্ষানুষ্ঠান খনৰ সমিপতে এই ঘটনাটো সংঘটিত হৈছিল। তীব্ৰবেগত অহা বাহন খনে ছাত্ৰকেইজনক খুন্দিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু ছাত্ৰকেইজনে পথৰ কাষলৈ জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে।

তাৰ পিছতে ছাত্ৰ তিনিজনে নিজৰ মোবাইলত বাহন খনৰ নম্বৰ প্লেটৰ ফটো লৈছিল। আৰু তাৰ পিছতে বাহনখনে পুনৰ ঘুৰি আহি ছাত্ৰ কেইজনক ছুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে।

ছুৰিৰে আক্ৰমণ কৰাৰ ফলত ছাত্ৰ কেইজন গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয়। ঘটনাক লৈ আৰক্ষীয়ে তিনিজন যুৱকক আটক কৰিছে যদিও মূল অভিযুক্ত জন বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে।