
তিনিগৰাকী ভগ্নীয়ে বিবাহ কৰিলে এজন যুৱকক! ৰুটীন অনুযায়ী স্বামীক ভগাই লয় তিনি ভগ্নীয়ে, কিন্তু কিয় কাৰণ জানি আচৰিত হ’ব…
শেহতীয়াকৈ কেনিয়াৰ এজন যুৱকে একেলগে তিনিগৰাকী যুৱতীক বিয়া পাতি চৰ্চালৈ আহিছে। এই তিনিগৰাকী যুৱতী সম্পৰ্কত বায়েক-ভনীয়েক।
বাই-ভনী তিনিগৰাকী একে মাতৃৰে সন্তান।তিনিগৰাকী ভগ্নীয়ে একেজন যুৱকৰ প্ৰেমত পৰিছিল আৰু তিনিগৰাকীয়ে একেজন যুৱককে বিয়া কৰাইছিল।
উল্লেখ্য যে, এই সম্পৰ্কত ল’ৰাটো বা তিনিগৰাকী ভগ্নীয়ে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। চাৰিওজনেই এই বিবাহত অতি সুখী।যুৱতী তিনিগৰাকীৰ নাম ক্ৰমে কেট, ইভ আৰু মেৰী।
তিনিওগৰাকী ভগ্নী গছপেল মিউজিক অধ্যয়ন কৰি আছিল। পঢ়ি থকাৰ সময়ত কেটে ষ্টিভ’ নামৰ এজন যুৱকক লগ পাইছিল। ইয়াৰ পিছত তেওঁ ষ্টিভ’ক ভনীয়েকহঁতৰ লগত চিনাকি কৰাই দিছিল।
এই সময়ছোৱাত কেটৰ দুয়োগৰাকী ভগ্নীও প্ৰথম দৃষ্টিতে ষ্টিভ’ৰ প্ৰেমত পৰিছিল। অৱশ্যে তেতিয়া ষ্টিভ’ৰ ফালৰ পৰা এনেকুৱা একো নাছিল।
তেওঁ কেৱল কেটক ভাল পাইছিল।ষ্টিভ’ই কয় যে, তেওঁ নিজৰ প্ৰেমিকাক কেটৰ সৈতে চিনাকি কৰাই দিছিল, তাৰপাছতেই তেওঁলোকৰ বিচ্ছেদ ঘটিছিল।
ইয়াৰ পিছত তেওঁ কেটৰ সৈতে সম্পৰ্ক স্থাপন কৰে। কিছুদিনৰ পাছত কেটৰ দুয়োগৰাকী ভগ্নীয়েও ষ্টিভ’ক প্ৰেম নিবেদন কৰিলে আৰু তিনিওগৰাকী ভগ্নীৰ লগতে তেওঁ সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰিলে।
কেইমাহমান সম্পৰ্কত থকাৰ পিছত ষ্টিভ’ই বিয়া পতাৰ সিদ্ধান্ত লয় আৰু তিনিওগৰাকী ভগ্নীকে বিয়া কৰায়। এতিয়া তিনিগৰাকী ভগ্নীৰ লগতে সুখী বৈবাহিক জীৱন কটাই আছে ষ্টিভ’ই।
ষ্টিভ’ই অনুসৰি, তিনিওগৰাকী ভগ্নীয়ে এখন ৰুটিন বনাইছে আৰু সেই অনুসৰি সিদ্ধান্ত লোৱা হৈছে যে ষ্টিভ’ কেতিয়া কোনজনী ভনীয়েকৰ লগত থাকিব।
ষ্টিভ’ই লগতে কয় যে একেলগে তিনিগৰাকী পত্নীৰ সৈতে থাকি তেওঁৰ কোনো সমস্যা হোৱা নাই।