19 C
Guwahati
Monday, December 6, 2021
More

    ৩ গৰাকী দ্বিগ্বজ ক্ৰিকেটাৰ যিয়ে ভাৰত আৰু পাকিস্তানৰ হৈ ক্ৰিকেট খেলি ইতিহাস ৰচনা কৰিছিল

    ৩ গৰাকী দ্বিগ্বজ ক্ৰিকেটাৰ যিয়ে ভাৰত আৰু পাকিস্তানৰ হৈ ক্ৰিকেট খেলি ইতিহাস ৰচনা কৰিছিল

    ক্ৰিকেটৰ পথাৰত ভাৰত-পাকিস্তানৰ খেল বুলিলে বুলিবৰ নাই। দুখন বৈৰী দেশৰ খেলুৱৈ সমুখসমৰত নামিলে কেৱল খেলুৱৈৰে নহয় সমগ্ৰ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ জনতাৰ স্নায়ুচাপত ভোগাৰ লগতে সমগ্ৰ বিশ্বৰ লোকেই আগ্ৰহেৰে চাই ৰয়।

    খেল নহয় যেন যুঁজ হে। বৰ্তমানে চলি থকা টি ২০ বিশ্ব কাপ লৈয়ে খেলৰ পথা উত্তেজনাই বিৰাজ কৰিছে। এইবাৰৰ টি ২০ বিশ্বকাপত দুয়োখন বৈৰী দেশেই নিজৰ নিজৰ প্ৰথম খেলখন খেলিব ইখনে আনখনৰ বিৰুদ্ধে।

    ২৪ অক্টোবৰত ডুবাইৰ ইণ্টাৰনেশনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত-পাকিস্তানৰ টি ২০ বিশ্ব কাপৰ প্ৰথমখন খেল। ইয়াৰ মাজতে নাম উচ্চাৰিত হৈছে এনে তিনিগৰাকী খেলুৱৈৰ নাম যিয়ে এই দুয়োখন দেশৰ হৈ ক্ৰিকেটৰ পথাৰত নামিছে।

    তাকো আন্তৰাষ্ট্ৰীয় পৰ্যায়ত দুয়োখন দেশৰ হৈ ক্ৰিকেট খেলিছে তিনিগৰাকী খেলুৱৈয়ে। সেই তিনিগৰাকী হৈছে- আব্দুল হাফীজ কাৰদাৰ, আমিৰ ইলাহী আৰু গুল মহম্মদ।

    আব্দুল হাফীজ কাৰদাৰ নাম এই ক্ষেত্ৰত সৰ্বপ্ৰথমে লেৱা হয়, কাৰণ আব্দুল হাফীজৰ নাম পাকিস্তান ক্ৰিকেটৰ জন্মদাতা হিচাপে লোৱা হয়। ভাৰত আৰু পাকিস্তান দুয়ো দেশৰ হৈ আন্তৰাষ্ট্ৰীয় খেল খেলিছে। কিন্তু ১৯৪৭ৰ ভাৰত-পাকিস্তানৰ বিভাজনৰ পিচত পাকিস্তানৰ হৈ খেলিবলৈ ধৰে আব্দুল হাফীজে।

    আমিৰ ইলাহীয়েও ক্ৰিকেট খেলৰ কেৰিয়াৰৰ আৰম্ভণি ভাৰতৰ পৰাই কৰে। এগৰাকী পেছ বলাৰ হিচাপে নাম কৰে আমিৰে। কিন্তু এইগৰাকী খেলুৱৈয়েও বিভাজনৰ পিছত পাকিস্তানৰ হৈ খেলিবলৈ আৰম্ভ কৰে।

    গুল মহম্মদ এগৰাকী সুদক্ষ বেটছমেন আছিল। আন্তৰাষ্ট্ৰীয় খেলত ভাৰতৰ হৈ কেইবাখনো খেল খেলাৰ লগতে পাকিস্তানৰ বিৰুদ্ধেও পথাৰত নামিছিল গুল মহম্মদ। কিন্তু ১৯৫৫ চনত ভাৰত এৰি পাকিস্তানৰ বাসিন্দা হোৱাৰ মন মেলে আৰু পাকিস্তান গুচি যায়। পিছলৈ পাকিস্তানৰ হৈ ক্ৰিকেটৰ পথাৰত নামি সুনাম অৰ্জন কৰে।

    আৰু পঢ়ক : আই এ এন এছ-চি ভোটাৰৰ জৰীপত দেশৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং