১০ বছৰীয়াক তিনি বন্ধুই পাশৱিক অত্যাচাৰ কৰি ধৰ্ষণ কৰাৰ লগতে বেয়াকৈ প্ৰহাৰ, হাস্পতালত মৃত্যু

0
569

১০ বছৰীয়াক তিনি বন্ধুই পাশৱিক অত্যাচাৰ কৰি ধৰ্ষণ কৰাৰ লগতে বেয়াকৈ প্ৰহাৰ, হাস্পতালত মৃত্যু। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন ভাৰততে।

শেষত অত্যাচাৰৰ কোবত প্ৰাণে হেৰুৱাব লগা হয় শিশুটিয়ে। এই ঘটনা দিল্লীৰ। দিল্লীৰ এল এন জে পি চিকিৎসালয়ত মৃত্যু হয় শিশুটিৰ। আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

শিশুটিক তাৰেই তিনিজন নাবালক বন্ধুৱে যাৰ বয়স ১০ৰ পৰা ১৩ বছৰ, ১৮ ছেপ্টেম্বৰত অপহৰণ কৰি নিছিল। অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ লগতে শৰীৰৰ লোহাৰ ৰোড সুমুৱাই দিছিল।

তাৰোপৰি তিনিও পাৰেমানে মাৰপিত কৰিছিল নিডৰেই সমনীয়াৰ ওপৰত। শেষত ১৩ দিনৰ অন্তত আজি শনিবাৰে পুৱা চিকিৎসাৰ সময়ত শিশুটোৰ মৃত্যু হয়।

১৮ ছেপ্টেম্বৰত উত্তৰ-পূব দিল্লীৰ চিলামপুৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছিল। শিশুটিক আধামৰা অৱস্থাত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত হে সকলোৱে জানিব পাৰছিল এই ভয়ংকৰ অত্যাচাৰৰ কথা।

ঘটনাসন্দৰ্ভত জানিব পৰা অনুসৰি চাৰিও বন্ধুৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। যাৰ পৰিণতিতে তিনি বন্ধুৱে মিলি সংঘটিত কৰিছিল এই অতিকে ভয়ংকৰ ঘটনা।

আৰক্ষীয়ে সেই ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্তৰ ইতিমধ্য দুজনক আটক কৰিবলৈ সক্ষম হৈছে আনহাতে আন এজন বৰ্তমানেও পলাতক।