কাছাৰত ইটা ভাটা বিস্ফোৰণত তিনিজন নিহত, কেইবাজনো আহত

0
285
প্ৰতিনিধিত্বমূলক চিত্ৰ

কাছাৰত ইটা ভাটা বিস্ফোৰণত তিনিজন নিহত, কেইবাজনো আহত। শুকুৰবাৰে অসমৰ কাছাৰ জিলাৰ এটা ইটা ভাটাত সংঘটিত বিস্ফোৰণত এটা শিশুসহ কমেও তিনিজন লোক নিহত হয় বুলি আৰক্ষীয়ে সদৰি কৰে।

খবৰ অনুসৰি, শুকুৰবাৰে শুভ আৰম্ভণি কৰিছিলহে এই ইটা ভাটাটোৰ। পাছে আৰম্ভ কৰাৰ দিনটোতে ভয়ংকৰ দুৰ্ভাগ্যজনক ঘটনাৰ সন্মুখীন হয়।

যেতিয়া সেই স্থানত উপস্থিত শ্ৰমিকসকলে প্ৰথমবাৰৰ বাবে ইটা তৈয়াৰ কৰিবলৈ জুই লগাইছিল তেতিয়াই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় আৰু একপ্ৰকাৰ উফৰি পৰে বহু লোক। তাতেই কেইবাজনো আহত হোৱাৰ লগতে মৃত্যুক সাৱটি লয় ।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ভাটাটো শিলচৰ জিলা সদৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত জিলাখনৰ কালাইন নামৰ অঞ্চলত অৱস্থিত।

দুৰ্ঘটনাটোত প্ৰায় ১৫ জন লোক অগ্নিদ্বগ্ধ হোৱাৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল। খবৰ অনুসৰি ঘটনাস্থলীত এজনলোক মৃত্যু হোৱাৰ লগতে, আনদুজনৰ পাছত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই স্থানীয় লোকৰ সহযোগত অন্য শ্ৰমিক সকলে আহতসকলক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যায়।

বৰ্তমানে কেইবাজনো লোক হাস্পতালত ভৰ্তি হৈ আছে। আনহাতে আৰক্ষীয়েও ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।