শোকাৱহ পথ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৩জন সাংবাদিক থিতাতে নিহত

0
5400

ভয়ানক পথ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৩জন সাংবাদিক থিতাতে নিহত

মধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত তিনিগৰাকী সাংবাদিক৷ ৰাজ্যখনৰ বিদিশা চহৰৰ চালামপুৰ থানাৰ অন্তৰ্গত ভূপাল-বিদিশা পথৰ লংবাখেড়াত যোৱা নিশা সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনাটো৷ বিদিশা প্ৰেছ ক্লাৱৰ সভাপতি আৰু আন দুগৰাকী সহযোগী সাংবাদিকে প্ৰাণ হেৰুৱাই এই দুৰ্ঘটনাত৷ এখন অচিনাক্ত বাহনৰ খুন্দাত সাংবাদিককেইজনৰ থিতাতে নিহত হয়৷

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটাৰযোগে সাংবাদিক কেইজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মধ্যপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা তিনিওগৰাকী মৃত সাংবাদিকৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, তিনিওগৰাকী সাংবাদিকে MP 40 MN 8640 নম্বৰৰ বাইকখনেৰে ভূপালৰ পৰা বিদিশা চহৰ অভিমুখে গৈ থকাৰ সময়তে এখন বাহনৰ লগত মুখামখি সংঘৰ্ষৰ ফলত দূৰৈত চিটিকি পৰে তিনিওজন৷ যাৰ ফলত ঘটনাস্থলীতে নিহত হয় ৩জনো সংবাদিকৰ৷ সাংবাদিক তিনিজন ক্ৰমে ৰাজেশ শৰ্মা, সুনীল শৰ্মা আৰু নৰেন্দ্ৰ দীক্ষিত ৷