আদালত চৌহদৰ পৰা দুৰ্ধৰ্ষ অপৰাধী গেৰজাইসহ তিনি অপৰাধীৰ পলায়ন

0
856

ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ পৰা দুৰ্ধৰ্ষ অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱাসহ তিনিজনে পলায়ন কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঢকুৱাখনা আদালতৰ শৌচাগাৰৰ খিৰিকী ভাঙি পলায়ন কৰে ৰাজু বৰুৱাসহ তেওঁৰ দুই সতীৰ্থ অপৰাধী।

পলায়ন কৰা আন দুগৰাকী অপৰাধী হৈছে যতীন তামুলী আৰু সোণটি দাস।

উল্লেখ্য যে, আজি আৰক্ষীৰ এটা দলে অপৰাধী তিনিজনক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰিবলৈ আনিছিল। কিন্তু আদালতৰ লকআপৰ ভিতৰত থকা শৌচাগাৰৰ ভিতৰৰ খিৰিকীৰ গ্ৰীল, গ্লাছ ভাঙি পলায়ন কৰে তেওঁলোকে।

ইয়াৰ পূৰ্বেও অৰ্থাত যোৱা ২২ জানুৱাৰিতো আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল গেৰজাই। তেতিয়া তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল।

হত্যা, ধৰ্ষণ, ধন দাবী আদিৰে লখিমপুৰত সন্ত্ৰাসৰ সৃষ্টি কৰা গেৰজাই যোৱা বৰ্ষৰ ২৪ ছেপ্তেম্বৰত আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হৈছিল।

এনে এজন দুৰ্ধৰ্ষ অপৰাধী দুবাৰকৈ পলাই যোৱা ঘটনাই স্বাভাৱিকতে লখিমপুৰ আৰক্ষীৰ দুৰ্বল ভুমিকাকে উদঙাই দিছে।