19 C
Guwahati
Monday, December 6, 2021
More

    দুটা নিষিদ্ধ ঘোষিত সংগঠনৰ তিনিজন দুৰ্ধৰ্ষ কেডাৰৰ আত্ম সমৰ্পণ

    ডিগবৈত ভাৰতীয় সেনা বাহিনীৰ ওচৰত নিষিদ্ধ ঘোষিত সংগঠন আলপাৰ দুজন আৰু আদিবাসী উগ্ৰপন্থী সংগঠন আনলাৰ এজন দুৰ্ধৰ্ষ কেডাৰে আত্ম সমৰ্পণ কৰে।

    আত্ম সমৰ্পণৰ সময়ত উগ্ৰপন্থী সদস্য কেইজনে দুটা পিষ্টল, এটা ৰাইফল আৰু কেইবাটাও সক্ৰিয় গুলী অৰ্পণ কৰে।

    আত্ম সমৰ্পণ কৰা আলপাৰ দুধৰ্ষ কেডাৰ দুজনৰ এজনক জেমচন মুণ্ডা (৩০) আৰু আনজন লেখন পৰ্জা (৩০) বুলি জানিব পৰা গৈছে।

    ইফালে আনলা নামৰ নিষিদ্ধ ঘোষিত সংগঠনটোৰ দুৰ্ধৰ্ষ কেডাৰজনৰ নাম হৈছে লোকেশ কাণ্ডোলানা (৫৫)।

    আত্ম সমৰ্পণ কৰা তিনিওজন সদস্য কাৰ্বি আলং জিলাৰ নিবাসী বুলি জানিব পৰা গৈছে।

    জানিব পৰা অনুসৰি আটাইকেজন দুৰ্ধৰ্ষ কেডাৰে ডিগবৈ ভাৰতীয় সেনা বাহিনীৰ ওচৰত আত্ম সমৰ্পণ কৰে আৰু ইয়াৰ পাছত সেনাই তেওঁলোকক ডিগবৈ আৰক্ষীক গটাই দিয়ে।

    আৰু পঢ়ক : চামগুৰিত দুটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, ঘটনাস্থলীত উপস্থিত আনন্দ মিশ্ৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং