ডিমৌৰ দিৰৈ নদীত গা ধুবলৈ যোৱা তিনিটা শিশুৰ সলিল সমাধি

0
93
গৰু বিহুৰ দিনাখন অঘটন, গৰু গা ধোৱাবলৈ গৈ গঁড়েহাগীত যুৱকৰ সলিল সমাধি
প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিমৌৰ দিৰৈ নদীত গা ধুবলৈ যোৱা তিনিটা শিশুৰ সলিল সমাধি

ডিমৌ সমীপৰ ম’হখুটি চানবেছাত দিৰৈ নৈত বিয়লি গা ধুবলৈ গৈ তিনিটাকৈ শিশুৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

তিনিজনৰ ভিতৰত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে আন দুজন শিশুৰ সন্ধানত নৈৰ বুকুত অভিযান চলাই আছে স্থানীয় ৰাইজে।

মৃত শিশু কেইজন চুমনিবস্তীৰ আকাশ ভূঞা(১২), দীপ বাউৰী(১২) আৰু ডিব্ৰুগড়ৰ জিন্টু কৰ্মকাৰ(১০) বুলি জানিব পৰা গৈছে।

ইয়াৰে দীপ বাউৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বাকী দুজন শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ এতিয়াও অভিযান চলাই আছে।

ইনপুট : ইফটিকাৰ ৰহমান

আৰু পঢ়ক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচন; সন্ধিয়া ৭.৩০ বজালৈকে ৮২.৩৩ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ