25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সাৱধান! আপোনাৰো আছে নেকি ষ্টেট বেংকত একাউন্ট

    তেনে পৰিৱেশৰ সন্মুখীন কেতিয়াবা আপুনিও হৈছে নেকি? আপোনাক ফোন কৰি এটিএম বা একাউন্ট নম্বৰ সোধে। আপুনি তথ্যখিনি দিয়াৰ পিছত একাউন্টৰ ধন হেৰাই যায়। যদিহে তেনে ফোন আহে আপুনি নিশ্চয় সাৱধান হয়। পিছে এতিয়া সময় সলনি হৈছে। ষ্টেট বেংকত একাউন্ট খোলাৰ সময়তো চিন্তা কৰিবলগীয়া দিন আহিছে।

    কিন্তু আপোনাক এই প্ৰতিবেদনৰ আৰম্ভণিতে কিয় এনেদৰে কৈছো জানেনে? তামিলনাডুৰ ‘বাবু’ৱে সকলোৰে মনত সন্দেহ ভৰাই দিছে। কমল বাবুৰ বয়স ১৯ বছৰ। পিতৃ কিছুদিন পূৰ্বে ঢুকাইছে। পিতৃয়ে পূৰ্বে ষ্টেট বেংকত কাম কৰিছিল। মাতৃও এছবিআইৰে কৰ্মচাৰী আছিল। সেইখিনিলৈকে সকলো ঠিকেই আছিল।

    পিতৃৰ বিয়োগৰ পিছতে সেই চাকৰি তেওঁ বিচাৰিছিল, কিন্তু নাপালে। পিতৃৰ বেংকলৈ গৈ গৈ আহৰণ কৰা জ্ঞানেৰে এটা ভুৱা এছবিআইৰ শাখা খুলিলে। তামিলনাডুৰ কুদাল’ৰ জিলাৰ পানৰুটিত তেওঁ এই শাখাটো খুলিছিল।

    আৰক্ষীয়ে সমগ্ৰ ঘটনাটো জানিব পাৰি তদন্তৰ অন্তত ৩ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত বাবুৰ লগতে আছে এ কুমাৰ আৰু এম মনিখাম। এপ্ৰিল মাহত লকডাউনৰ সময়তে তেওঁলোকে কম্পিউটাৰ, লকাৰ, চালান আদিৰ দ্বাৰা এই বেংকৰ ভুৱা শাখাটো খুলিছিল।

    চহৰৰে আন এটা ষ্টেট বেংকৰ শাখালৈ গৈ এগৰাকী গ্ৰাহকে সোধাৰ পিছতহে গম পালে তেওঁৰ একাউন্ট থকা বেংকটো আচলতে ভুৱাহে। তাৰ পিছতে বেংকটোৰ বিষয়াসকল আহি আন ষ্টেট বেংকৰ দৰেই সকলো সামগ্ৰী দেখি ৪৭৩, ৪৬৯, ৪৮৪, ১০৯ নম্বৰত এটা গোচৰ ৰুজু কৰে।

    আৰক্ষীয়ে সদৰি কৰা অনুসৰি বাবুৱে সৰু কালৰে পৰা এইসমূহ কাম জানে। অৱশ্যে আচৰিত কথাটো হ’ল যে, যদিও তেওঁ এই ভুৱা বেংকৰ শাখাটো খুলিছিল তথাপিও কোনো লোকৰে পৰা ধন হৰলুকি কৰা নাছিল। কিন্তু এটা বেংকৰ শাখা খোলাৰ বাবে থকা হাবিয়াসৰ বাবেই তেওঁ এইয়া কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং