27 C
Guwahati
Monday, October 3, 2022
More

    ৫ দিন ধৰি সন্ধানহীন হৈ আছিল হোটেলৰ ৰিচেপচনিষ্ট , অৱশেষত খোলোচা তিনি বন্ধুৱে মিলি কৰিছিল এই কাম

    ৫ দিন ধৰি সন্ধানহীন হৈ আছিল হোটেলৰ ৰিচেপচনিষ্ট , অৱশেষত খোলোচা তিনি বন্ধুৱে মিলি কৰিছিল এই কাম

    এগৰাকী যুৱতী বিগত ৫ টা দিন ধৰি সন্ধানহীন হৈ আছিল। বহু বিচাৰ খোচাৰ কৰিও কতো কোনো ধৰণৰ খা খবৰ নাছিল যুৱতীগৰাকীৰ। পৰিয়াল তথা আৰক্ষীয়ো বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান লাভ কৰা নাছিল যুৱতীগৰাকী সন্দৰ্ভ।

    তীব্ৰ তদন্তৰ অন্তত অৱশেষত সন্ধানহীন হোৱাৰ পঞ্চম দিনা সন্দেহৰ আৱৰ্তত তিনি বন্ধুক আটক কৰি সোধ পোচ কৰোতেই ওলাই পৰে সকলো। যি তিনি বন্ধুৰ এগৰাকী প্ৰাক্তন ৰাজ্য মন্ত্ৰীৰ পুত্ৰ ।

    এই ঘটনা উত্তৰাখণ্ডৰ ডেৰাডুনৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এখন হোটেলত কৰ্মৰত আছিল অংকিতা ভণ্ডাৰী নামৰ যুৱতীগৰাকী। হোটেলৰ ৰিচেপচনিষ্ট হিচাপে কাম কৰিছিল হোটেলখনত।

    কিন্তু ৫ দিন পূৰ্বে কামৰ শেষৰ পৰাই কোনো খা খবৰ নাথাকে অংকিতাৰ। আৰক্ষী পৰিয়ালে সন্ধান চলাই একো তথ্য লাভ নকৰাত সন্দেহৰ আৱৰ্তত তদন্ত আগবঢ়াই।

    সন্দহৰ নামতেই আজি সেই হোটেলতে কাম কৰা তিনি যুৱকক আৰক্ষীয়ে আটক কৰে। সোধপোচৰ পাছতে ওলাই পৰে এটা এটাকৈ সকলো তথ্য়। তিনিও হত্য়া কৰিছিল অংকিতাক।

    তিনিও ক্ৰমে- অংকিত ওৰফে পুলকিত গুপ্তা (১৯), সৌৰভ ভাস্কৰ (৩৫, মেনেজাৰ) আৰু ৰিজৰ্টৰ মালিক পুলকিত আৰ্যৰ পুত্ৰ বিনোদ আৰ্য (৩৫)।

    ১৮ ছেপ্টেম্বৰৰ দিনা কোনো কথাক লৈ অংকিতা আৰু পুলকিতৰ মাজত কথাৰ কটাকটি হয়। কিন্তু নিশা কামৰ অন্তত তিনিও বন্ধুৱে অংকিতাক লৈ ঋষিকেশ যায়। তাত পুনৰ কাজিয়া লাগে আংকিতা আৰু পুলকিতৰ।

    দাঙি ধৰা ভাষ্য অনুসৰি, অংকিতাইয়ো হাতেৰে প্ৰহাৰ কৰিছিল তিনিওকে। লগতে বেয়াকৈ কাজিয়া লাগিছিল। যাৰ বাবে তিনিওৰে ক্ৰোধ বাঢ়ি যায় আৰু অংকিতাক নদীত গতিয়াই দিয়ে।

    সেই নদীৰ পানীতেই ডুব গৈ শেষত নোহোৱা হৈ পৰে অংকিতা। আৰক্ষীয়ে বৰ্তমানে তিনিও বন্ধুকে নিজৰ জিম্মাত ৰখাৰ লগতে নদীতো অংকিতাৰ মৃতদেহ উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং