29 C
Guwahati
Monday, September 20, 2021
More

    এখন দেশৰ কঠোৰ সিদ্ধান্ত, ভাৰত ভ্ৰমণ কৰিলে পাব ৩ বছৰৰ বাবে এই ক্ষেত্ৰত নিষেধাজ্ঞা…

    এখন দেশৰ কঠোৰ সিদ্ধান্ত, ভাৰত ভ্ৰমণ কৰিলে পাব ৩ বছৰৰ বাবে এই ক্ষেত্ৰত নিষেধাজ্ঞা…

    অতিকে কঠোৰ সিদ্ধান্ত গ্ৰহন, এতিয়াৰে পৰা এখন দেশৰ নাগৰিকে ভাৰত ভ্ৰমণ কৰিলে সন্মুখিন হব নিষেধাজ্ঞাৰ। ৩ বছৰৰ বাবে যি কোনো যাত্ৰাৰ ক্ষেত্ৰত পাব নিষেধাজ্ঞা। কেৱল ভাৰত ভ্ৰমণেই নহয় আফগানিস্তান, আৰ্জেণ্টিনা, ব্ৰাজিল, মিছৰ, ইথিউপিয়া, ইণ্ডোনেচিয়া, লেবানন, পাকিস্তান, দক্ষিণ আফ্ৰিকা, তুৰ্কী আদি দেশত ভ্ৰমণ কৰিলেও শাস্তিৰ সন্মুখিন হব।

    চৌডি আৰবৰ বাসিন্দাৰ ওপৰত এই কঠোৰ সিদ্ধান্ত আৰোপ কৰিছে। দেশখনৰ নাগৰিকে এতিয়াৰে পৰা ৰেড লিষ্টেট দেশৰ কোনো এখনতো ফুৰিবলৈ গলে ৩ বছৰৰ বাবে যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সন্মুখিন হব লাগিব। এই ৰেড লিষ্টেট দেশৰ তালিকাত ভাৰতবৰ্ষৰো নাম অন্যতন হিচাপে অন্তৰ্ভুক্ত আছে।

    অনুমতি অবিহনে কোনো লোকেই দেশৰ বাহিৰলৈ যাব নোৱাৰিব। যদিহে যায়, তেন্তে উভতি অহাৰ সময়ত চৌডিৰ জনতা আইনৰ সন্মুখিন হব লাগিব। জবাবদিহি কৰা হব লোকক। যদিহে কোনো হেৰফেৰ পাই তেন্তে জৰিমনাৰ লগতে ৩ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হব।

    উল্লেখ্য যে, কৰণাৰ বাবেই দেশ খনে এইদৰে কঠোৰ সিদ্ধান্ত গ্ৰহন কৰিছে। কৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যেই বাহিৰৰ দেশলৈ বিশেষকৈ অধিক সংক্ৰমিত হোৱা দেশ সমূহলৈ দেশৰ নাগৰিকক যোৱাৰ বাবে বাধা প্ৰদান কৰিছে। লগতে নিৰ্দেশনাৰ অমান্য কৰিলে শাস্তিৰ বিধানো কৰিছে চৌডি আৰবে।

    আৰু পঢ়ক : ৰাজ্যক ব্যাপক ভাৱে চলিছে দেহ ব্যৱসায়! ফটো দেখুৱাই চলে দাম দৰ, আৰক্ষীয়ে হাতে লোটে ধৰিলে ব্যৱসায়ত জড়িত এজনক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং