28 C
Guwahati
Saturday, September 18, 2021
More

    মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ মৃত্যুৰ ভাবুকি, ‘৪ দিনৰ ভিতৰত যি কৰিব পাৰা কৰি লোৱা’

    মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ মৃত্যুৰ ভাবুকি, ‘৪ দিনৰ ভিতৰত যি কৰিব পাৰা কৰি লোৱা’

    উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ মৃত্যুৰ ভাবুকি প্ৰদান কোনো অজ্ঞাতৰ। আৰক্ষী কণ্ট্ৰল ৰূমৰ হোৱাটছ এপ নম্বৰলৈ ভাবুকি প্ৰদান কৰি লিখে যে, ‘৪ দিনৰ ভিতৰত যি কৰিব পাৰা কৰি লোৱা, অন্যথা পঞ্চম দিনা চি এম যোগীক প্ৰাণে মাৰিব।’

    উল্লেখ্য যে, এইয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও যোগী আদিত্য নাথক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল কোনো অজ্ঞাতই। এইবাৰো মৃত্যুৰ ভাবুকি প্ৰদান হোৱাটছ এপ যোগে।

    বৰ্তমানে আৰক্ষী ব্যস্ত আছে বাৰ্তা লাভ কৰা নম্বৰ ট্ৰেচ কৰি প্ৰকৃত ভাবুকি প্ৰদান কৰোতাক আটক কৰাৰ বাবে। পিছে এই ভাবুকি ২৯ তাৰিখে সন্ধিয়াৰ ভাগতে আৰক্ষীয়ে লাভ কৰিছিল।

    এই বাৰ্তাত বাৰ্তা প্ৰেৰণ কৰোতা অক্ষাতই আৰক্ষীক প্ৰত্যাহ্বান দিয়ে যে, হাতত ৪ টা দিন আছে , গতিকে সক্ষম হয় যদি পাৰে যদি গ্ৰেপ্তাৰ কৰি দেখাওক । অন্যথা ৫ নম্বৰ দিনা মুখ্যমন্ত্ৰীক মাৰি পেলাব।

    আৰু পঢ়ক : হোৱাটছ এপ ব্যৱহাৰকাৰীলৈ অন্তিম সময়সীমা, অন্যথা ১২০ দিন পিছত আপোনাআপুনি নাইকিয়া হৈ যাব একাউণ্ট

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং