
ৰামৰ জন্মভূমিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ! ফোনযোগে দিলে ধমকি
অযোধ্যাত থকা ৰাম জন্মভূমিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। অযোধ্যাৰ ৰাম জন্মভূমিত বিশাল ৰাম মন্দিৰৰ কাম দ্ৰুত গতিত চলি আছে আৰু দেশ আৰু বিশ্বৰ চকু এই মন্দিৰটোৰ ওপৰত স্থিৰ হৈ আছে। সেই সময়তে ৰামৰ জন্মভূমিৰ প্ৰতি থকা ভাবুকিৰ বাবে এক আলোড়নৰ সৃষ্টি হৈছে।
জানিব পৰা মতে ৰামৰ জন্মভূমিৰ হালধীয়া অঞ্চলত অৱস্থিত ৰামলালা সদনত বাস কৰা মনোজ কুমাৰে তেওঁৰ মোবাইলত এটা ভাবুকিৰ ফোন পাইছিল। অৱশ্যে ফোনটো কোনে কৰিছিল সেয়া এতিয়াও জনা হোৱা নাই।
ৰামলাল্লা সদনত বাস কৰা মনোজ কুমাৰক বৃহস্পতিবাৰে পুৱা ৫:৩০ বজাত এজন অচিনাক্ত ব্যক্তিয়ে ভাবুকি প্ৰদান কৰে। ফোন কৰা ৰামৰ জন্মভূমি খনত উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। ভাবুকিৰ পিছত মনোজ কুমাৰে লগে লগে আৰক্ষীক অৱগত কৰে। যাৰ পিছত ৰামৰ জন্মভূমিৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীক মনোজে দিয়া তথ্য অনুসৰি যেতিয়া মনোজে ফোনটো তুলি লৈছিল,তেতিয়া অচিনাক্ত ব্যক্তিজনে নিজকে দিল্লীৰ বাসিন্দা বুলি চিনাকি দিছিল । আৰু ব্যক্তিজনে ভাবুকি দিছিল যে আজি পুৱা ১০ বজাৰ ভিতৰত তেওঁ ৰামৰ জন্মভূমিক বোমাৰে উৰুৱাই দিব।ফোনটোৰ পিছতে ৰামৰ জন্মভূমিৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল।