২০ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটী

0
836
২০ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটী

২০ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটী

গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্ব শিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ-হাজাৰ টেট শিক্ষকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। দীৰ্ঘদিনৰ পৰা কৰি অহা দাবী পূৰণ নকৰা বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা টেট শিক্ষসকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে, প্ৰতিবাদত অংশ ল’বলৈ গুৱাহাটীলৈ আহি থকা কেইবাজনো শিক্ষকক আধাবাটতে আৰক্ষীয়ে আটক কৰিছে।

২০ হাজাৰৰো অধিক শিক্ষকে কৰা প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ তথা কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাহিলীপাৰৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী।

চৰকাৰৰ সৈতে কৰা আলোচনা ব্যৰ্থ হোৱা বাবেই টেট শিক্ষকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত আজি এই গুৰু-গৰ্জন কাৰ্যসূচী কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, এই শিক্ষকসকলৰ মূল দাবী হৈছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা।

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত এইটোৱে সৰ্ববৃহত চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী বুলি অভিহিত কৰা হৈছে।

আৰু পঢ়ক : ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ভাৰতত ইয়াৰ প্ৰভাৱ পৰিব নেকি? উত্তৰ দিলে মন্ত্ৰী জিতেন্দ্ৰ সিঙে