
মুম্বাইৰ বান্দ্ৰাত পুনৰ হাজাৰ হাজাৰ শ্ৰমিকে কৰে ভিৰ। বান্দ্ৰা এলেকাৰ বান্দ্ৰা টাৰ্মিনাছৰ সমীপত ভিৰ কৰে হাজাৰ হাজাৰ লোকে। বান্দ্ৰা টাৰ্মিনাছৰ পৰা উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ এখন বিশেষ শ্ৰমিক ৰে’ল চলাৰ খবৰ পাইছিল শ্ৰমিকসকলে। এই খবৰ পোৱা মাত্ৰকেই হাজাৰ হাজাৰ শ্ৰমিক বান্দ্ৰা টাৰ্মিনাছ অভিমুখী হৈছিল। বান্দ্ৰা টাৰ্মিনাছ যেতিয়া তাত উপস্থিত হৈছিল তেতিয়া মুম্বাই আৰক্ষীয়ে এইটো কথা স্পষ্ট কৰি দিছিল যে যিসকল শ্ৰমিকক উচিত পাছ দিয়া হৈছে আৰু যিসকলৰ নাম তালিকাত আছে তেওঁলোকেহে যাত্ৰা কৰিব পাৰিব আৰু বাকী লোকসকলক আৰক্ষীয়ে উভতাই পঠিয়াই দিয়ে।
মঙলবাৰে পুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হৈছিল ভিৰ আৰু ১২ বজাৰ ভিতৰত হাজাৰৰ সংখ্যাত শ্ৰমিক ৰাজপথত জমা হৈছিল। ভিৰ ইমানেই আছিল যে সামাজিক দূৰত্বৰ কোনো চিন চাপেই নাছিল আৰু এই ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কিছু শক্তিৰ প্ৰয়োগ কৰিবলৈ বাধ্য হয়।
এই সন্দৰ্ভত পশ্চিম ৰে’লৱেই ক’লে যে বান্দ্ৰা টাৰ্মিনাছৰ পৰা বিহাৰৰ পূৰ্ণিয়ালৈ এখন বিশেষ শ্ৰমিক ৰে’ল চলোৱা হৈছিল আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পঞ্জীয়ন কৰা যাত্ৰীসকলে যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল। কিন্তু বহু লোক যিসকলে পঞ্জীয়ন কৰা নাছিল আৰু আৰক্ষী বিভাগে মাতিও অনা নাছিল সেইসকল লোক বান্দ্ৰা টাৰ্মিনাছ ষ্টেচনৰ সমীপৰ ব্ৰীজত আৰু ৰাজপথত ভিৰ কৰিছিল। যিসকল যাত্ৰীৰ নাম পঞ্জীয়ন কৰা হৈছিল তেওঁলোকক তদন্ত কৰি ৰে’লত বহিবলৈ দিয়া হৈছিল আৰু দুপৰীয়া ১২ বজাত ৰাওনা কৰা হৈছিল। প্ৰায় ১৭০০ শ্ৰমিক আৰু পৰিয়ালে যাত্ৰা কৰিছিল।
ছচিয়েল মিডিয়াযোগে অপপ্ৰচাৰ চলোৱা হৈছিল যে আন এখন ৰে’ল বিয়লি ৪ বজাত বিহাৰলৈ ৰাওনা হ’ব। যাৰ বাবে অপপ্ৰচাৰ বিয়পিছিল আৰু হাজাৰ হাজাৰ যাত্ৰীৰ ভিৰ জমা হৈছিল।
Photo credit: www.abplive.com