অসমত কৃষকৰ প্ৰতিবাদ !এইবাৰ পানী বিচাৰি হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদ

0
360

অসমত কৃষকৰ প্ৰতিবাদ !এইবাৰ পানী বিচাৰি হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদ

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলীত হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদ।খেতি পথাৰত পানী যোগানৰ দাবীত শুকুৰবাৰে এই কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

ভূটানৰ পৰা বৈ অহা নদী সমুহত অবৈধ খনন বন্ধ কৰি স্থায়ী বান্ধ দি সীমান্তৰ কৃষি ভূমিলৈ পানীযোগান ধৰাৰ লগতে জলসিঞ্চন ব্যৱস্থা কৰাৰ দাবীত কৃষকলসকলে আজি প্ৰতিবাদ কৰে।

তেওঁলোকে ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথত পাঁচ ঘণ্টাজুৰা এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে ‘আমাক পানী লাগে পানী দিয়ক, নদীত খনন কাৰ্য বন্ধ কৰক, খেতি পথাৰত পানী যোগান ধৰক, আমাক জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ক, স্থায়ী বান্ধ নিৰ্মান কৰক আদি শ্লোগানেৰে উত্তাল কৰি তুলিলে সমগ্ৰ ভাৰত-ভূটান অঞ্চল।

কালিপুৰ বগাজুলী কালানদী আঞ্চলিক ডোং বান্ধ সমিতিৰ উদ্যোগত এই বিশাল প্ৰতিবাদ কাৰ্যসুচী ৰূপায়ন কৰা হয় ।উল্লেখ যে প্ৰতিবাৰেই কৃষক সকলে নিজৰ গাঁঠিৰ ধন ভাঙি ডোঙৰ বান্ধ নির্মান কৰি পথাৰত পানী যোগান ধৰি আহিছে যদিও প্ৰতিবাৰেই নৈৰ পানীয়ে এই বান্ধ ভাঙি নিয়ে।

সেয়েহে চৰকাৰ তথা বিভাগৰ পৰা এক বিজ্ঞানসন্মত বান্ধৰ দ্বাৰা উক্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰিছে। প্ৰতিবাদত হাজাৰ হাজৰ প্ৰতিবাদীয়ে আবোৰধ কৰিলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ।