19 C
Guwahati
Wednesday, December 1, 2021
More

    ৰহস্যময়ী Bloodwood Tree, কাটিলে ওলাই মানুহৰ দৰে তেজ

    এই কথাটো হয়টো আমাক বাল্যকালতে কোৱা হয় যে গছ-গছনিটো জীৱন থাকে আৰু কোনো কাৰণ নোহোৱাকৈ গছ-গছনি স্পৰ্শ বা কাটিব নালাগে।

    ভাৰতীয় লোকসকলেটো সূৰ্য অস্ত যোৱাৰ লগে লগে স্পৰ্শ কৰাৰ পৰা আঁতৰত থাকে।

    পৃথিৱীত এনেকুৱা ধৰণৰ মানুহো আছে যে যিসকল লোকে ফুল-পাত ছিঙিলে বা গছ কাটিলে দুখ অনুভৱ কৰে।

    গছ আমাৰ পৰিৱেশৰ আটাইতকৈ প্ৰধান অংশ আৰু গছ কটাৰ ক্ষেত্ৰত বিৰোধিতা কৰাটো যথেষ্ট যুক্তিকৰ।

    যা হওক, আজি আমি আপোনালোকক এনেকুৱা এডাল গছৰ বিষয়ে জনাবলৈ ওলাইছো, যিডাল গছ কাটিলে তাৰ পৰা মানুহৰ নিচিনা তেজ ওলাই।

    গছৰ পৰা ওলাই তেজ
    পৃথিৱীত এডাল এনেকুৱা ৰহস্যময়ী গছ আছে, যিডাল কাটিলে তাৰ পৰা ওলাই ৰঙা ৰঙৰ পদাৰ্থ।

    এই ৰঙা ৰঙৰ পদাৰ্থ একেবাৰে মানুহৰ তেজৰ দৰে দেখিবলৈ।

    আপুনি হয়টো এই দৃশ্য দেখি ভয় খাব পাৰে। এই গছডাল দক্ষিণ আফ্ৰিকাত পোৱা যায়।

    গছডাল খুব বিশেষ তথা অসাধাৰণ।

    দক্ষিণ আফ্ৰিকাৰ ব্লাডউড ট্ৰী
    এই অসাধাৰণ ব্লাডউড ট্ৰী(Bloodwood tree) দক্ষিণ আফ্ৰিকাৰ উপৰিও মোজাম্বিক, নামীবিয়া, তঞ্জানিয়া আৰু জিম্বাৱে’ৰ দৰে দেশত পোৱা যায়।

    এই গছডাল মানুহে ‘ব্লাডউড ট্ৰী’ নামেৰে চিনি পায়।

    ইয়াৰোপৰি এই গছডাল কিআট মুকবা আৰু মুনিংগাৰ দৰে নামেৰেও খ্যাত।

    ইফালে এই গছডালৰ বৈজ্ঞানিক নাম হ’ল ‘Serocarpus angolaensis’।

    প্ৰস্তুত হয় ঔষধ
    এই গছডালৰ ভিতৰত ৰঙা ৰঙৰ ছেপ(sap) থাকে।

    গছডাল কাটিলে ওলোৱা ৰঙা ৰঙৰ পদাৰ্থ যদিও ভয়ানক কিন্তু আপুনি এই কথাটো শুনি আচৰিত হ’ব যে ইয়াৰ ব্যৱহাৰ ঔষধৰ বাবে কৰা হয়।

    ইয়াক ব্যৱহাৰ কৰিলে পেটৰ সমস্যা, মেলেৰিয়া আৰু কেইবাটাও গুৰুতৰভাৱে হোৱা আঘাত ঠিক হৈ যায়।

    ইয়াৰোপৰি এই গছডাল ৰক্ত সম্বন্ধীয় ৰোগো নিৰাময় হয়।

    যাৰ বাবে এই গছডালক বহু লোকে যাদুৰ গছ বুলিও কয়।

    Photo credit: zeenews

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং