ফুটবল প্ৰেমীৰ বাবে দু:খবৰ ! ২২ বছৰ বয়সতে মৃত্যু হ’ল এইগৰাকী খেলুৱৈৰ

0
4902

ফুটবল প্ৰেমীৰ বাবে দু:খবৰ ! ২২ বছৰ বয়সতে মৃত্যু হ’ল এইগৰাকী খেলুৱৈৰ

কাতাৰত অনুস্থিত হৈ থকা ফীফা বিশ্বকাপ ২০২২ চলি থকাৰ মাজতে ফুটবল প্ৰেমীৰ বাবে এটা দুখৰ খবৰ সমুখলৈ আহিছে |

কলম্বিয়াৰ তাৰকা খেলুৱৈ মিডফিল্ডাৰ আন্দ্ৰেছ বালাণ্টাৰ ২২ বছৰ বয়সত মৃত্যু হৈছে।

সচৰাছৰ বেছিভাগ খেলুৱৈয়ে ২২ বছৰ বয়সত বহুতে কেৰিয়াৰ আৰম্ভ কৰে, কিন্তু এই কৰুণ ঘটনাটো আন্দ্ৰেছ বালাণ্টাৰ লগত সংঘটিত হোৱাৰ ফলত তেওঁ এই দুনিয়াৰ পৰা গুচি যায় |

আন্দ্ৰেছ বালাণ্টাই আৰ্জেণ্টিনাৰ প্ৰথম বিভাগৰ ক্লাব এটলেটিকো টুকুমানৰ হৈ খেলি আছিল।

এটলেটিকো টুকুমান ক্লাবৰ বাবে প্ৰশিক্ষণ লোৱাৰ সময়ত মঙলবাৰে আন্দ্ৰেছ বালাণ্টা এটা দুৰ্ঘটনাত পতিত হয়।

যাৰ ফলত তেওঁৰ মৃত্যু হয় | প্ৰকৃততে, প্ৰশিক্ষণৰ সময়ত আন্দ্ৰেছ পৰিছিল।

যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।