
এটা ঘূৰন্ত ঘৰ! পত্নীৰ ইচ্ছাত ৭২ বছৰীয়া এইজন লোকে নিৰ্মাণ কৰিলে লাটুমৰ দৰে ঘূৰি থকা, কিন্তু এয়া কেনেকৈ সম্ভব হ’ল…
পত্নীৰ ইচ্ছাত এজন লোকে নিৰ্মাণ কৰিলে লাটুমৰ দৰে ঘূৰি থকা ঘৰ। ৭২ বছৰীয়া বৃদ্ধই দিলে পত্নীৰ ইচ্ছাক দিলে মূল্য আৰু এটা ঘৰ নিৰ্মাণ কৰিলে যি লাটুমৰ দৰে ঘূৰে।
ভহিন কুছিক নামৰ ৭২ বছৰীয়া বৃদ্ধজনে তেওঁৰ পত্নীৰ বাবে নিৰ্মাণ কৰিছিল এটা আচৰিত ঘৰ যি লাটুমৰ দৰে ঘূৰি থাকে।
ভহিন কুছিকৰ পত্নীয়ে এনে এটা ঘৰত থাকিব বিচাৰিছিল আৰু তেওঁ পত্নীৰ ইচ্ছাক মূল্য দিছিল। তেওঁৰ পত্নীয়ে এই ঘৰটোৰ খিৰিকীৰে চাৰিওফালৰ প্ৰকৃতি চাব পাৰিছিল।
কুছিকৰ পত্নীয়ে ঘৰৰ বিভিন্ন ঠাইলৈ যাব নালাগে। তেওঁ এঠাইত বহি খিৰিকীত চকু ৰাখিলেই হয়, ঘৰটো নিজে ঘূৰি থাকে আৰু তাৰ গতিও নিয়ন্ত্ৰণ কৰিব পাৰি।
ঘৰৰ তলৰ অংশত চকা লগোৱা আছে। সেই চকাটো বৈদ্যুতিক মটৰৰ সহায়ত এটা নিৰ্দিষ্ট ট্ৰেকত ঘূৰে। বছনিয়াত এই লোকজনে এনে এটা ঘৰ নিৰ্মাণ কৰিছিল ।
বৈদ্যুতিক মটৰ আৰু চকাৰ জৰিয়তে ঘৰটো একে ঠাইতে থিয় হৈ থাকিও ঘূৰিব পাৰে। যদি বিচাৰে, এই ঘৰটো এঠাইৰ পৰা আন ঠাইলৈও লৈ যাব পাৰি।