ফটোখনত কেক খাই থকা এই শিশুটিক আপুনি বাৰু চিনি পাইচেনে ? বলিউডৰ এগৰাকী সফল অভিনেত্ৰী , বিগ বিৰ লগতো কৰিছে অভিনয়

0
10936

ফটোখনত কেক খাই থকা এই শিশুটিক আপুনি বাৰু চিনি পাইচেনে ? বলিউডৰ এগৰাকী সফল অভিনেত্ৰী , বিগ বিৰ লগতো কৰিছে অভিনয়

ফটোখনত বন্ধুবৰ্গৰ সৈতে বহি কেক খাই থকা এই শিশুটিক আপুনি বাৰু চিনিব পাৰিছে নে? এই শিশুটি ডাঙৰ হোৱাৰ পিছত বলিউডৰ বহু চলচ্চিত্ৰত কাম কৰিছে। তেওঁ বলিউডৰ বিগ বিৰ লগতো ছবিত অভিনয় কৰিছে।

এই শিশুটি এতিয়া এগৰাকী চুপাৰষ্টাৰতকৈ কম নহয়। তেওঁ বহুতো ছবিত মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছে। তেওঁ বিশেষকৈ মহিলা সকলৰ সশক্তিকৰণৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা অনুৰাগীসকলৰ হৃদয় জয় কৰিছিল।


যদি আপুনি এচিয়াও এই শিশুটিক চিনি পোৱা নাই তেন্তে আমি আপোনাক কওঁ যে ফটোখনত থকা শিশুটি হৈছে তাপসী পান্নু।তাপসী পান্নুৰ এই শৈশৱৰ ফটোখনত তেওঁৰ বন্ধুবৰ্গই তাপসীক কেক খুৱাই থকা দেখা গৈছে।

অভিনেত্ৰীগৰাকীয়ে তেওঁ ইনষ্টাগ্ৰামত এই ফটোখন শ্বেয়াৰ কৰিছিল। ফটোখনত, তাপসীক জন্মদিনৰ পাৰ্টিত কেক উপভোগ কৰা দেখা গৈছে।

ফটোখন শ্বেয়াৰ কৰি তেওঁ শিৰোনামটোত লিখিছিল, “এইটো নিশ্চিত যে সেইদিনা মোৰ জন্মদিন নহয়।কিন্তু তথাপিও মই কেক খাবলৈ ভাল পাওঁ। এই ফটোখন তাপসীৰ স্কুলৰ দিনৰ বুলি জানিব পৰা গৈছে।