প্ৰতিৰক্ষা বিভাগৰ আভ্যন্তৰীণ সুৰক্ষাৰ কথা বিবেচনা কৰি এইখন দেশে সেনা বাহিনীৰ বাবে নিষিদ্ধ কৰিলে হোৱাটছএপ

0
2492
প্ৰতিৰক্ষা বিভাগৰ আভ্যন্তৰীণ সুৰক্ষাৰ কথা বিবেচনা কৰি এইখন দেশে সেনা

প্ৰতিৰক্ষা বিভাগৰ আভ্যন্তৰীণ সুৰক্ষাৰ কথা বিবেচনা কৰি এইখন দেশে সেনা বাহিনীৰ বাবে নিষিদ্ধ কৰিলে হোৱাটছএপ

আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটোৰ কথা পৰ্যালোচনা কৰি চুইজাৰলেণ্ডৰ সেনাবাহিনীয়ে বিদেশী মেজেছ এপ’ হোৱাটছএপ, চিগনাল আৰু টেলিগ্ৰাম নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

দেশখনৰ সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলৰ মাজত হোৱাটছএপকে ধৰি টেলিগ্ৰাম আদি নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰে।

বিগত মাহত সুৰক্ষাজনিত কথাৰ কথা পৰ্যালোচনা কৰিয়ে চুইজাৰেণ্ড চৰকাৰে সেনা বাহিনীৰ মাজত হোৱাটছএপকে ধৰি কিছুসংখ্যক সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই এই এপসমূহৰ যোগেৰে দেশৰ সুৰক্ষাৰ ভিতৰুৱা তথ্যৰ ওপৰত চকু দিব পাৰে বুলিও চুইজাৰলেণ্ডৰ প্ৰতিৰক্ষা বাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, চুইজাৰলেণ্ডৰ পূৰ্বেও অন্য কিছুসংখ্যক দেশতো সুৰক্ষাৰ কথা ভাবি সেনা বাহিনীৰ মাজত হোৱাটছএপৰ ব্যাৱহাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল।

আৰু পঢ়ক : পঞ্জাবৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীক আবদ্ধ কৰি থোৱা কাৰ্য নাটকৰ বাহিৰেও আন একো নহয়:‌‌দেৱব্ৰত শইকীয়া