”এই আক্ৰমণত আমি জয়ী হৈছো” পুলৱামা আক্ৰমণৰ দিনা অৰ্ণৱ গোস্বামীৰ হোৱাটছ এপত ভাষ্য

0
2037
photo :thelogicalindian

 টুইটাৰত অতি দ্ৰুতগতিত ভাইৰেল হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীৰ হোৱাটছ এপৰ স্ক্ৰীন শ্বট। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভুষণে টুইটাৰত সদৰি কৰে অৰ্ণৱ গোস্বামীৰ হোৱাটচএপৰ স্ক্ৰীণ শ্বট ।

উল্লেখ্য যে, অৰ্ণৱ গোস্বামীৰ ৫০০ পৃষ্ঠাজোৰা হোৱাটচএপৰ স্ক্ৰীণ শ্বট ভাইৰেল হৈ পৰিছে । এই ভাইৰেল হোৱা ফটো সমূহত অৰ্ণৱ গোস্বামীয়ে দাসগুপ্তাৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰা দেখা গৈছে ।

অভিযোগ অনুসৰি ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত অৰ্ণৱ গোস্বামীয়ে কৈছে যে ”এই আক্ৰমনত আমি তীব্ৰগতিত জয় লাভ কৰিছো” । এই বাৰ্তাটো গোস্বামীয়ে পুলৱামা আক্ৰমণৰ দিনা প্ৰেৰণ কৰিছিল । এই আক্ৰমণত ৪০ জন বীৰ জোৱান স্বহীদ হৈছিল ।

উল্লেখ্য যে, ইয়াৰ বাহিৰেও আৰু বিভিন্ন বিস্ফোৰক তথ্য ভাইৰেল হৈছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ।