33 C
Guwahati
Monday, September 26, 2022
More

    ৫০ লাখ বিনামূলীয়া টিকট, এই বিশেষ এয়াৰলাইন কোম্পানীৰ বাম্পাৰ অফাৰ

    ৫০ লাখ বিনামূলীয়া টিকট, এই বিশেষ এয়াৰলাইন কোম্পানীৰ বাম্পাৰ অফাৰ। কিন্তু এই বাম্পাৰ অফাৰৰ বাবে বুকিং কৰিব পাৰিব কেৱ ২৫ ছেপ্টেম্বৰলৈকেহে।

    যদি আপুনিয়ো নতুন বছৰত কৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আছে। আপুনি বিনামূলীয়াকৈ বিমানেৰে ভ্ৰমণ কৰিব পাৰে।

    তাকো কোনো বিদেশৰ নহয় ভাৰতৰে বিমান প্ৰতিস্থানে আগবঢ়াইছে এই সুবিধা। ঘৰুৱা বাজেটৰ এয়াৰলাইন কোম্পানী এয়াৰ এছিয়া (AirAsia)ই আগবঢ়াইছে এই অফাৰ।

    এই অফাৰৰ অধীনত, কোম্পানীটোৱে ৫০ লাখ আসনৰ বাবে বিনামূলীয়া টিকট বিক্ৰী কৰি আছে। ইয়াৰ বাবে বুকিং ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। শেষ সময় ২৫ ছেপ্টেম্বৰ।

    কোম্পানীৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি, বাজেট এয়াৰলাইন কোম্পানী এয়াৰ এছিয়াৰ এই প্ৰস্তাৱৰ অধীনত, যদি আপুনি ১৯ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত বুকিং কৰে, তেন্তে আপুনি অহা বছৰৰ ১ জানুৱাৰী, ২০২৩ ৰ পৰা ২৮ অক্টোবৰ, ২০২৩-ৰ ভিতৰত ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব।

    কিদৰে পাব এই অফাৰ-
    এয়াৰ এছিয়াৰ ৫০ লাখ বিনামূলীয়া আসন বিক্ৰী কৰাৰ প্ৰস্তাৱ ইয়াৰ ৱেবছাইটৰ লগতে এপটো উপলব্ধ। আপুনি এয়াৰ এছিয়া ছুপাৰ এপ বা ৱেবছাইটত ‘ফ্লাইট’ আইকনত ক্লিক কৰি এই অফাৰটো লাভ কৰিব পাৰে।

    কি কি পথত যাত্ৰা কৰিব পাৰিব-
    এই অফাৰৰ অধীনত, বহুতো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানৰ বাবে টিকট বুক কৰিব পাৰে। ইয়াৰ বেংককৰ পৰা ক্ৰাবি আৰু ফুকেটলৈ পোনপটীয়া বিমান আছে। লগতে অন্তৰ্ভুক্ত আছে বেংককৰ পৰা চিয়াং মাই, চাকনলৈ পোনপটীয়া বিমান। নাকৰ্ণ, নাকৰ্ণ শ্ৰীথামাৰ্ট, ক্ৰাবি, ফুকেট, নহা ট্ৰাং, লুৱাং প্ৰবাং, মান্দালয়, নম পেন, পেনাং আৰু আন বহুতো পথত বিমান চলাচল অন্তৰ্ভুক্ত কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং