বিশ্বৰ কম বয়সীয়া কোটিপতি; থাকে ৰাজপ্ৰাসাদত, ঘূৰে ব্যক্তিগত জেটত
কোটি টকা উপাৰ্জন কৰিবলৈ সাধাৰণ মানুহৰ যথেষ্ট সময় লাগি যায় যদিও ন বছৰ বয়সতে বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বিৰল উদাহৰণো আছে এইখন বিশ্বত।
হয়, এটি শিশু, যাৰ বয়স মাত্ৰ ৯ বছৰ আৰু শিশুটিৱে খেলিবলৈ বিলাসী বাহন ব্যৱহাৰ কৰে।
মোম্ফা জুনিয়ৰ নামৰ শিশুটিৱে নিজকে বিশ্বৰ আটাইতকৈ কম বয়সীয়া কোটিপতি বুলি দাবী কৰিছে।
এয়াও দাবী কৰা হৈছে যে তেওঁ মাত্ৰ ছয় বছৰ বয়সতে নিজৰ অত্যাধুনিক অট্টালিকাত বাস কৰিছিল আৰু ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিছিল ব্যক্তিগত জেট।
এই শিশুটিৰ প্ৰকৃত নাম হৈছে মহম্মদ আভাল মুস্তাফা যাৰ বিলাসী জীৱনৰ ছবি প্ৰায়ে ছ’চিয়েল মিডিয়াত দেখা যায়।
এখন ছবিত, তেওঁক বেন্টলী ফ্লাইং স্পাৰৰ বনেটত বহি থকা দেখা গৈছে। এইখন গাড়ী তেওঁৰ প্ৰথম গাড়ী যিখন তেওঁৰ দেউতাকে উপহাৰ দিছিল।
আন এখন ছবিত তেওঁক ডিজাইনাৰ কাপোৰ পিন্ধি ৰঙা লেম্বৰ্গিনি এভেণ্টাডৰৰ সন্মুখত থিয় হৈ থকাও দেখা যায়।
এতিয়া সকলোৰে মনত উত্থাপিত প্ৰশ্নটো হৈছে ইমান কম বয়সতে ইমান সম্পদৰ অধিকাৰী কেনেকৈ হ’ল?
মহম্মদ প্ৰকৃততে কোটিপতি নাইজেৰিয়ান ইণ্টাৰনেট চেলিব্ৰিটি ইছমাইলিয়া মুস্তাফাৰ পুত্ৰ, যাক মোম্ফা বুলি জনা যায়। মোম্ফা ছিনিয়ৰেও তেওঁৰ পুত্ৰৰ দৰে ই এক অতি ব্যয়বহুল জীৱন যাপন কৰে।
আৰু পঢ়ক : ১০দিন ধৰি গছত ওলমি ৰ’ল পুত্ৰৰ মৃতদেহ, জন্মদাত্ৰী মাতৃয়েই পৰিকল্পনা কৰি হত্যা কৰে পুত্ৰৰ