মহানগৰীত দিন-দুপৰতে ডকাইতে কাঢ়ি নিলে টকাৰ বেগ…

0
242

মহানগৰীত দিন-দুপৰতে ডকাইতে কাঢ়ি নিলে টকাৰ বেগ…

মহানগৰীত দিনে দিনে হত্যা দিন ডকাইতৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে। সোমবাৰে পুনৰ মহানগৰীত এক চাঞ্চল্যকৰ দিন ডকাইটৰ ঘটনা সংঘটিত হৈছে।

এজন লোকৰ হাতৰ পৰা দুৰ্বত্তই কাঢ়ি নিলে ডেৰ লাখ টকা। ভুক্তভোগী লোক জন সাতগাঁও প্ৰগতি নগৰৰ বাসিন্দা ধীৰেন বৰুৱা। ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন বৰুৱা।

অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বেংকৰ এখন ট্ৰেকাৰত উঠি ঘৰলৈ গৈ আছিল। কিন্তু ট্ৰেকাৰ খনৰ পৰা নমাৰ সময়তে পালচাৰ বাইকত অহা দুৰ্বৃত্তই কাঢ়ি নিলে ধন খিনি।

আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই মূহুৰ্ত লৈকে দুৰ্বৃত্ত ২টাক ধৰিবলৈ সক্ষম হোৱা নাই।