কৰিমগঞ্জত ৭ তোলা সোণসহ ৬০ হাজাৰ টকা লুট চোৰৰ

কৰিমগঞ্জ চহৰৰ লংগাই ৰোডত চোৰে চলালে চাফাই অভিযান

0
224

ধনটেৰছৰ দিনাই চোৰে লুটি নিলে সোণ। কৰিমগঞ্জত সংঘটিত হৈছে এই চুৰিকাণ্ড। কৰিমগঞ্জ চহৰৰ লংগাই ৰোডত চোৰে চলালে অভিযান। জনৈক অজিত দাস নামৰ এজন লোকৰ ঘৰৰ পৰা চোৰে লুটিলে ৭ তোলা সোণসহ ৬০ হাজাৰ টকা আৰু বহু সামগ্ৰী।

ভুক্তভোগী লোকজনে পুৱা ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল আৰু নিশা ৮ বজাত ঘৰত প্ৰৱেশ কৰিছিল। ঘৰৰ ভিতৰত সোমায়ে সকলো সামগ্ৰী যধে মথে পৰি থকা প্ৰত্যক্ষ কৰে। ঘৰৰ পাছফালেৰে চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে লোকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।