
দৰাৰ ডিঙিৰ পৰা ২ লাখ টকাৰ মালা আঁজুৰি পলাই পত্ৰং দিলে চোৰ! ৫০০ টকাৰ চাৰিশখন নোট আছিল মালাডালত, ক’ত ঘটিল এই ঘটনা…
বৰ্তমান সময়ত বহু ব্যক্তিয়ে সামাজিক মাধ্যমত চৰ্চা হৈ থাকিব বিচাৰে, সেয়ে তেওঁলোকে ন ন চিন্তা চৰ্চাৰ দ্বাৰা সকলোতে নিজে চৰ্চা থকা কামসমূহ কৰে। হয়তো বহু থাইত বিয়াৰ সময়ত কিছু নিয়ম থকাও দেখা যায়।
বহু ঠাইত দৰা-কইনাৰ ডিঙিত ধনৰ মালা পিন্ধাৰ প্ৰথা আছে। নতুন দিল্লীৰ মায়াপুৰী নিবাসী ৰিজৱান খানকো তেওঁৰ কইনাৰ পৰিয়ালে একেধৰণৰ এডাল মালা পিন্ধি আদৰণি জনাইছিল।
নাচ-গান, চিঞৰ-বাখৰৰ মাজতে হঠাৎ এজন অচিনাক্ত এজন যুৱকে দৰাৰ ডিঙিৰ পৰা টকাৰ মালাখন কাঢ়ি লৈ পলাই যায়। ঘটনাৰ চিচিটিভি ফুটেজ দেখি আৰক্ষীয়ে কিশোৰজনক খেদি খেদি আটক কৰে। বাকী হেৰুৱা ধনো তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে।
আৰক্ষীৰ মতে, মালাডালত ৫০০ টকাৰ চাৰিশখন নোট আছিল। মুঠ ২ লাখ টকা। কিন্তু দৰাৰ ডিঙিৰ পৰা পইচা লৈ পলাই থাকোঁতে কিছু টকা ইফালে সিফালে সিঁচৰতি হৈ পৰাৰ পৰিলক্ষিত হৈছে।