প্ৰথমে বেজী দি পিতৃক সংজ্ঞাহীন কৰে তাৰ পাছত লুটি নিয়ে পৃতিয়ে নিজৰ চিকিৎসাৰ বাবে থোৱা প্ৰায় ৩ লাখ টকা! পিছত নিজকে শেষ কৰে দিন হাজিৰা কৰা পিতৃয়ে…

0
365
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰথমে বেজী দি পিতৃক সংজ্ঞাহীন কৰে তাৰ পাছত লুটি নিয়ে পৃতিয়ে নিজৰ চিকিৎসাৰ বাবে থোৱা প্ৰায় ৩ লাখ টকা! পুত্ৰৰ এনে কাণ্ডত নিজকে শেষ কৰে দিন হাজিৰা কৰা পিতৃয়ে…

এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত বাপুজীনগৰৰ নাথপাৰা অঞ্চলত। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা পিতৃ বুল দাসে নিজৰ চিকিৎসাৰ বাবে যোৱা ১৮ জানুৱাৰীত বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি৷

কিন্তু ড্ৰাগছ আসক্ত বিবাহিত পুত্ৰ ৰাহুল আলীয়ে পিতৃয়ে বেংকৰ পৰা ধন উলিওৱা কথা জানিব পাৰি কিদৰে ধনখিনি লৈ ল’ব পাৰি তাৰ কূট-কৌশল তেওঁৰ পত্নীৰ লগত ৰচনা কৰি আছিল।

যোৱা ১৯ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত পৰিয়ালৰ সকলো লোক শুই থকাৰ সুযোগ লৈ পুত্ৰ ৰাহুলে নিদ্ৰাৰত অৱস্থাত থকা পিতৃ বুল দাসৰ কঁকালত ড্ৰাগছৰ বেজি দি সংজ্ঞাহীন কৰি লুট কৰে নগদ ৩.৫০ লাখ টকা।

তাৰ পিছতে ধনখিনি লৈ পত্নীৰ সৈতে ৰাহুল আলীয়ে ঘৰৰ পৰা পলায়ন কৰে। ইপিনে, পিছদিনা মাতৃ চাহাৰা বেগমে দিন হাজিৰা কৰি ঘৰলৈ উভতি আহি স্বামী বুল দাসক সংজ্ঞাহীন অৱস্থাত পৰি থকা দেখা পাই চিঞৰ বাখৰ লগায়। ইয়াৰ পাচত স্থানীয় লোক উপস্থিত হৈ বুল দাসক সংজ্ঞাহীন অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুদিনৰ পাছত বুল দাস স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হয় আৰু পুত্ৰ ৰাহুল আলীয়ে ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি নগদ ৩.৫০ লাখ টকা লুট কৰি নিয়া বুলি জানিব পাৰি শনিবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত মঠঘৰীয়াৰ ৰেল লাইনৰ সমীপত এডাল গছত চিপ লৈ চৰম পন্থা বাছি লয়।