“প্ৰত্যেকগৰাকী মাতৃয়েই এগৰাকী দেৱী!” সামাজিক মাধ্যমত চৰ্চাত ব্যতিক্ৰমী দূৰ্গাৰ প্ৰতিমা

"মই এইবাৰ প্ৰতিমাটিক ৰঙেৰে নসজাও। প্ৰতিমাটিক মই পুতলাৰ দৰে সজাবলৈ বিচৰা নাই। মই তৈয়াৰ কৰা প্ৰতিমাটিক বাস্তৱৰ দৰে ৰাখিবলৈ চেষ্টা কৰিছো।"

0
924

মা দূৰ্গা কেৱল মূৰ্তিতেই বাস নকৰে। এগৰাকী মাতৃ, এগৰাকী নাৰীৰ সত্বাতো এগৰাকী দেৱী বাস কৰে।

এই কথাকে প্ৰমান কৰিলে কলকাতাৰ দুই মৃৎ শিল্পীয়ে। দূৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী থাকোতেই দূৰ্গা পূজা বিশেষ দেৱী দূৰ্গাৰ মূৰ্তি তৈয়াৰ নকৰি মা দূৰ্গাৰ আসনত সন্তানক কোলাত লৈ থকা এগৰাকী মাতৃৰ মূৰ্তিয়ে এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে তোলপাৰ লগাইছে।

কলকাতাৰ বৰ্ষা ক্লাবৰ মৃৎ শিল্পী ৰিণ্টু দাস আৰু পল্লৱ ভৌমিকে নিৰ্মাণ কৰা এই বিশেষ মূৰ্তিটোৱে প্ৰবাসী শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰিছে। মহামাৰী কৰ’ণা ভাইৰাছৰ সময়ত প্ৰবাসী শ্ৰমিকসকলৰ লগতে শিশুসকলৰ দুৰ্দশা প্ৰতিফলিত কৰিছে। এই শ্ৰমিকসকলৰ বহুতেই বহিৰাগত ঠাইৰ পৰা নিজ গৃহলৈ শ শ কিলোমিটাৰ খোজ কাঢ়ি যাত্ৰা কৰিছিল।

উল্লেখ্য যে এই দেৱীৰ শৰীৰত কোনো আ-অলংকাৰ, অস্ত্ৰ-শস্ত্ৰৰ বিপৰীতে হাতত খাদ্যৰ বস্তা হে দেখা গৈছে। এই দেৱীয়ে এই বছৰত ভোক নিৰাময় কৰিবলৈহে যুঁজ কৰিছে।

মৃৎ শিল্পী ৰিণ্টু দাসে কয় – “এই সময়ছোৱাত মই যেতিয়াই টেলিভিছনৰ সন্মুখত বহিছিলো, মই কেৱল প্ৰবাসী শ্ৰমিকসকলক ইটোৰ পাছত সিটো নিশা খাদ্য আৰু এটুপি পানীৰ কাৰমে হাহাকাৰ কৰা দেখিছিলো। মই তেতিয়াই মই নিৰ্মাণ কৰা দূৰ্গা তেওঁৰ সন্তানৰ ক্ষুধা আৰু ভোৰ নিবাৰনৰ বাবে বহু দূৰ খোজ কঢ়া দেখিছিলো। এই বছৰ পূৰ্বতকৈ বাজেট বহুগুণেই কম আছিল।

কিন্তু মই ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলো।মই এইবাৰ লকডাউনত চাউল বিলোৱা বস্তাসমূহৰ দ্বাৰাই মোৰ পেণ্ডেল সজোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।”

প্ৰতিমাটোক ৰঙেৰে সজাই তোলাৰ সন্দৰ্ভত দাসে কয় -“মই এইবাৰ প্ৰতিমাটিক ৰঙেৰে নসজাও। প্ৰতিমাটিক মই পুতলাৰ দৰে সজাবলৈ বিচৰা নাই। মই তৈয়াৰ কৰা প্ৰতিমাটিক বাস্তৱৰ দৰে ৰাখিবলৈ চেষ্টা কৰিছো।”