লকডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকৰ যাতাযত সম্পূৰ্ণ বন্ধ

গৃহ মন্ত্ৰালয়ৰ পৰিকল্পনা অনুসৰি শ্ৰমিক সকলে সেই ৰাজ্যতেই লাভ কৰিব কাম

0
53

নিয়ম অনুসৰি কোনো শ্ৰমিকেই ৰাজ্যৰ বাহিৰলৈ যাব নোৱাৰিব কিন্তু বৰ্তমানে থকা ৰাজ্যখনৰ ভিতৰতেই তেওঁলোকৰ চলন ফুৰণ কিছু নিৰ্দিষ্ট নিয়মৰ ভিতৰত হ’ব। আৱদ্ধ হৈ থকা এই সকল শ্ৰমিকক কাৰখানা, কৃষি, নিৰ্মাণ চেক্ত আদিত নিয়োগ কৰিব পৰা যাব।

লকডাউনৰ বাবে দেশৰ সমূহ ৰাজ্যতে আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ বাবে গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক বিশেষ পৰিকল্পনা। এই পৰিকল্পনা অনুসৰি শ্ৰমিক সকলে লাভ কৰিব কাম । লগতে এয়াও যে, যি জন শ্ৰমিকে নিজৰ আগৰ কামলৈ উভতিব বিচাৰিব তেওঁক তালৈকে পঠিয়াই দিয়া হ’ব।

লকডাউনৰ বাবে ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ বাবে আগবাঢ়ি আহিছে গৃহ মন্ত্ৰালয়। তাৰ মাজতেই বহু শ্ৰমিকে এই লকডাউনৰ সময়ত খোজ কাঢ়িয়েই নিজ নিজ ঘৰলৈ ৰাওনা হৈছে। কিন্তু সীমান্ততে সুৰক্ষাজনিত কাৰণত তেওঁবিলাকক ৰখাই কোৱাৰাণ্টাইন কৰা হৈছে। সেয়ে গৃহ মন্ত্ৰালয়ে এই সকল শ্ৰমিকে নিজ নিজ ঘৰলৈ অহা যোৱা কৰাৰ বাবে কিছুমান গাইডলাইন বা ষ্টেণ্ডাৰ্ড অপাৰেটিং চিষ্টেম জাৰি কৰি দিছে।

Photo Credit: India CSR Network