
বঙাইগাঁও চহৰৰ ভাকাৰী ভিটাৰ ৱাৰ্ড নং ১৭ৰ কণ্টেইনমেন জ’নত থকা নাগৰিক সকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থতি৷ ১৬ দিন হ’ল কণ্টেইনমেন জ’নৰ ভিতৰত থকা৷ নাই একো সুবিধা, নাই একো যোগান৷
বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা আৰু অদূ্ৰদৰ্শিতাৰ বাবে উক্ত জ’নৰ ভিতৰৰ থকা লোকসকলৰ এতিয়া অতি বেয়া অৱস্থাৰ সৃষ্টি হৈছে৷ নিজ নিজ ঘৰত থকা তথা অঞ্চলটোত থকা খাদ্য সামগ্ৰীৰ লগতে অন্য প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে শেষ হৈ আহিছে। পিছে দেখা দেখি নাই কোনো যোগানকাৰীৰ।
কৰ’ণাৰ ভয়ত নাহে কোনো যোগানকাৰী৷ যাৰ ফলত এতিয়া কণ্টেইনমেন জ’নত হাহাকাৰৰ সৃষ্টি হৈছে। আনহাতে আৱদ্ধ হৈ থকা লোক সকলৰ হাতত নাই জমা টকা৷ এ টি এমলৈও যাব নোৱাৰে৷
উল্লেখযোগ্য যে বিগত ৩০ এপ্ৰিলত ভাকাৰী ভিটাৰ মীনা বিশ্বকৰ্মা নামৰ এগৰাকী মহিলাৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰাত উক্ত দিনৰে পৰা অঞ্চলটো কণ্টেইনমেন জ’নত আছে৷
ইপিনে মহিলা গৰাকীসহ অন্য ৪ গৰাকীক দহ দিনৰ পাছত গুৱাহাটীৰ মেডিকেলৰ পৰা যাব দিয়াৰ পাছতো জিলা প্ৰশাসনে আজি ১৬ দিন ধৰি জনতাক বন্ধ কৰি ৰাখিছে৷ এইলৈ তীব্ৰ প্ৰতিক্ৰিয়া অঞ্চলটোৰ আৱাসী সকলৰ৷
Input and Photo Credit: Prasanta Ray