কোনো প্ৰমাণ নাই ভিক্টৰ দাসে দিয়া মন্তব্যৰ- আৰক্ষী আয়ুক্ত

0
538

কোনো প্ৰমাণ নাই ভিক্টৰ দাসে দিয়া মন্তব্যৰ- আৰক্ষী আয়ুক্ত। আৰক্ষী আয়ুক্ত আৰু যুটিয়া আৰক্ষী আয়ুক্তৰ সংবাদ মেল সম্বোধন। সেই সংবাদমেলতেই এই মন্তব্য কৰে আৰক্ষীয়ে।

ভিক্টৰ দাসে দিয়া মন্তব্যৰ ওপৰত কোনো প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে। প্ৰাক্তন বিধায়কৰো কোনো তথ্য দিব নোৱাৰিলে দাসে। তেওঁ দাঙি ধৰা অভিযোগ মিছা।

মানুহৰ মাজত সংকাৰ সৃষ্টি কৰিব খুজিছিল ভিক্টৰে সেইবাবে পানবজাৰ থানাত ৰোজু কৰা হৈছে গোচৰ। ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছিল ভিক্টৰে

আজি সংবাদমেলত এইদৰে সদৰি কৰে আৰক্ষীৰ ফালৰ পৰা। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ সময় অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

অসম চৰকাৰৰ ফালৰ পৰা অনুষ্ঠিত কৰা ২৬ হাজাৰ পদত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ সময়ত একাংশ প্ৰাৰ্থীৰ পৰা কোনো দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰা বা ধন সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি তথ্যবিহীনভাৱে অভিযোগ দিছিল ভিক্টৰ দাসে।

সামাজিক মাধ্যম টুইটাৰ যোগে এই বিষয়ে অভিযোগ দিছিল ভিক্টৰে। সেই টুটাৰৰ পাছতে অসম আৰক্ষীয়ে সোধপোচৰ বাবে মাতি নিছিল দাসক।

সেই সোধপোচৰ পাছতেই আৰক্ষীয়ে সংবাদমেলৰ আয়োজন কৰি কয়- ছছিয়েল মিডিয়াত লিখিলেই সকলো কথা সঁচা নহয়, ভিক্টৰে মিছাৰ আশ্ৰয় লৈছে। ভিক্টৰ দাসে টুইটাৰত কোৱা কোনো কথাই সঁচা নহয়, সকলো মিছা বুলি প্ৰমাণ হৈছে।

আৰক্ষীয়ে লগতে ইয়াকো কয় যে, কোনো প্ৰাক্তন বিধায়কৰ নাম ভিক্টৰে উল্লেখ কৰিব নোৱাৰিলে, ভিক্টৰ দাসৰ ইউটিউব চেনেলৰ ওপৰতো তদন্ত চলাব আৰক্ষীয়ে।

উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁ এই কাম কৰিছে, সকলো কথাই এতিয়া সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

আৰক্ষী আয়ুক্তই শেষত ইয়াকো কয় যে, তদন্ত প্ৰক্ৰিয়াত যদি এতিয়াও কোনো লোক উলাই, আৰক্ষীৰ ওচৰলৈ আহিব পাৰে, অভিযোগ দিবলৈ কোনো লোকে ভয় খোৱাৰ প্ৰয়োজন নাই।