
এখন গাঁৱৰ এক এনে নাম, যি নাম উচ্চাৰণ কৰিবলৈয়ো লাজ লাগে, সামাজিক মাধ্যমত কাৰোবাক কলে হয়তো আপোনাক ব্লকো কৰি দিব পাৰে
সকলো মানুহৰে প্ৰথম পৰিচয় থকা ঠাইৰ পৰা হয়। তাৰোপৰি বহুতে আজিকালি গাঁও এৰি নগৰ অঞ্চলত বাস কৰিলেও গাঁওখনৰ নাম সোধেই সকলোৱে।
পাছে এই বিশ্বত এখন এনে গাঁও আছে, যি গাঁৱৰ বিষয়ে কবলৈ বহুত লাজ কৰে সেই গাঁৱৰ বাসিন্দা সকলে। গাওঁখন অবিহনে আমাৰ কোনো পৰিচয় নাই। সাধাৰণতে, আমি সামাজিক মাধ্যমতো অতি গৌৰৱেৰে আমাৰ গাঁওখনৰ নাম লওঁ।
কিন্তু এখন গাওঁৰ এনে নাম আছে, যাক আমি ক’ব বা লিখিব নোৱাৰো। আনকি আমি ছ’চিয়েল মিডিয়াত লিখিবলৈ চেষ্টা কৰিলেও, ফেচবুকে আমাক বাধা দিব।
প্ৰতিবেদন অনুসৰি, এই গাঁওখনৰ নাম ‘ফাক ভিলেজ’। এই গাওঁখন চুইডেনত অৱস্থিত। ফাক গাঁৱৰ লোকসকল তেওঁলোকৰ গাঁওখনৰ নামক লৈ অসন্তুষ্ট।
কাৰোৰে আগত প্ৰকাশ কৰিব নোৱাৰাৰ লগতে ইয়াক সামাজিক মাধ্যমতো প্ৰকাশ কৰিব নোৱাৰে। কিয়নো ছ’চিয়েল মিডিয়া চেঞ্চৰশ্বিপত, এই শব্দটোক আপত্তিজনক ভাষা হিচাপে দেখা যায়।
যাৰ বাবে এতিয়া এই গাঁওখনত বাস কৰা গাঁওবাসীসকলে তেওঁলোকৰ গাঁওখনৰ নাম সলনি কৰিব বিচাৰে। ইয়াৰ বাবে, গাঁওবাসীয়েও এখন আবেদনো দাখিল কৰিছে।
ইয়াত বাস কৰা গাওঁবাসীসকলে বিশ্বাস কৰে যে গাঁওখন সুখী আৰু শান্ত, কিন্তু এই নামৰ বাবে, মানুহৰ যথেষ্ট সমস্যা হয়। কোৱা হয় যে এটা নাম ইতিহাসৰ সৈতে সম্পৰ্কিত, কিন্তু কেতিয়াবা মানুহে সমস্যাৰ সন্মুখীন হয়।