
মহানগৰীৰ এচাম ভদ্ৰলোকৰ নিকৃষ্ট কাণ্ড! ভাড়াঘৰৰ মালিকৰ কামনাৰ বলি হ’ল ১৩ বছৰীয়া নাবালিকা, ধৰ্ষণৰ পিছতে আৰম্ভ মানসিক অত্যাচাৰৰ…
গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত সংঘটিত হয় এক জঘন্য কাণ্ডৰ। এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ। ভাড়াঘৰৰ মালিক দিগন্ত দাস (৪৯) নামৰ এজনৰ কামনাৰ বলি হ’ল নাবালিকা।
বিৰুবাৰীৰ নিজৰাপাৰত ঘটিল এই লাজলগা ঘটনাটি। ঘৰত কোনো নথকা সুযোগত পাষণ্ড দিগন্তয়ে সংঘটিত কৰে এই অমানৱীয় কাণ্ডটি। এতিয়া ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ।
সম্প্ৰতি পলতাক এই কাণ্ডৰ অভিযুক্ত ভাড়াঘৰৰ মালিক দিগন্ত দাস। আৰক্ষীক গোচৰ দিয়া পিছত ভূক্তভোগীক ঘৰ খালী কৰাৰ দাবী ধমকী প্ৰদান কৰিছিল জঘন্য কাণ্ডটি সংঘটিক কৰা দিগন্ত দাসে।
উল্লেখ্য যে, দিগন্ত দাসৰ বিৰুদ্ধে মানসিক অত্যাচাৰ কৰাৰো অভিযোগ কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে। ইতিমধ্যে অভিযুক্তক বিচাৰি আৰক্ষীয়ে গঠন কৰিছে দল। বৰ্তমানলৈ অৱ্যবহত ৰাখিছে অভিযুক্তক বিচাৰাৰ অভিযান।