মই ক্ষমাপ্ৰাৰ্থী! সামাজিক মাধ্যমযোগে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে খুজিলে ক্ষমা, কিন্তু কিয় অসমবাসী ৰাইজক ক্ষমা খুজিব লগা হ’ল জানেনে…

0
235

মই ক্ষমাপ্ৰাৰ্থী! সামাজিক মাধ্যমযোগে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে খুজিলে ক্ষমা, কিন্তু কিয় অসমবাসী ৰাইজক ক্ষমা খুজিব লগা হ’ল জানেনে…

অসমবাসী ৰাইজক ক্ষমা খুজিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ সামাজিক মাধ্যমযোগে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ক্ষমা খোজাৰ কাৰণ কি জানেনে!

কাৰণ যোৱা ১ ফেব্ৰুৱাৰীৰ পিছবেলাৰ পৰা তেওঁ যোগাগোগ বিচ্ছিন্ন হৈ আছিল। আকস্মিকভাৱে পুত্ৰ নাচিকতাৰ স’তে জম্মু-কাশ্মীৰলৈ যাবলগীয়া হোৱাত ম’বাইল বন্ধ আছিল বুলি উল্লেখ কৰে তেওঁ৷

জম্মু-কাশ্মীৰৰ সুকীয়া যোগাযোগ নম্বৰ নোলোৱা বাবে বন্ধ আছিল তেওঁৰ মোবাইল৷ এইকেইদিনত দেশ তথা ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। কেন্দ্ৰীয় চৰকাৰৰ বাজেট, G20ৰ বৈঠক, অসমত “অবৈধ স্বামী” গ্ৰেপ্তাৰ অভিযানকে ধৰি কেইবাটাও ঘটনা৷

কিন্তু কাশ্মীৰত থকা বাবে ইয়াৰে কোনো এটা বিষয়ত মন্তব্য দিবলৈ নাপায় ক্ষমা খোজে অখিল গগৈয়ে।কাশ্মীৰ ভ্ৰমণ সম্পৰ্কে অখিল গগৈয়ে কয় যে, “কাশ্মীৰলৈ মই যদিও এইবাৰ দ্বিতীয়বাৰ গৈছিলোঁ, আচলতে এইবাৰেই প্ৰথম বুলি ক’ব পাৰি, কাৰণ আগৰবাৰ কাশ্মীৰ চাবলৈ সুযোগ পোৱা নাছিলো কেৱল এখন ছেমিনাৰতহে যোগ দিছিলো।”

প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ জম্মু -কাশ্মীৰ ভ্ৰমণ কৰি অখিল গগৈৰ মন্তব্য, কাশ্মীৰ কেৱল ভাৰতৰ পৰ্যটনৰেই এটা অতি অনুপমস্থলী এনেকুৱা নহয়, জম্মু কাশ্মীৰ ইয়াৰ ভূ-ৰাজনৈতিক অৱস্থানৰ বাবে প্ৰখ্যাত।

ইমানে নহয় পুত্ৰৰ আবদাৰত বৰফত বাগৰি অখিল গগৈ দুদিন জ্বৰতো ভোগা বুলি উল্লেখ কৰে। অখিল গগৈৰ এই ভ্ৰমণৰ সময়ত পুত্ৰ নচিকেতা আৰু অংকুৰ তামুলী ফুকন উপস্থিত আছিল।