গান্ধী মণ্ডপত মাটিত বহি কেবিনেট বৈঠক! নিবনুৱাৰ কাৰণে ল’লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0
121

গান্ধী মণ্ডপত মাটিত বহি কেবিনেট বৈঠক! নিবনুৱাৰ কাৰণে ল’লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি গান্ধী মণ্ডপত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা আৰম্ভ হয় এই কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। উল্লেখযোগ্য যে, চকীৰ পৰিৱৰ্তে তোচকত বহি বৈঠকত অংশগ্ৰহণ কৰিছে মন্ত্ৰীসকলে।

গান্ধী মণ্ডপত সম্পন্ন হোৱা এই কেবিনেট বৈঠক মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখা যায়। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বহু দিনৰে পৰা নৈতিকভাবে কৰি অহা এটা ভুলৰ শুধৰণি কৰা হব ।

ইয়াৰ লগে লগে মন্ত্ৰিগৰাকীয়ে অসম আৰক্ষীলৈ দিছে কিছু বিশেষ খবৰ। অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ কাৰণে সুখবৰ। প্ৰায় ৪০০ শ্বহীদ পৰিয়ালক দিয়া হ’ব চৰকাৰী চাকৰি। উল্লেখ্য যে শ্বহীদ পৰিয়ালে দ্বিতীয় বাৰৰ কাৰণে চাকৰি নাপাব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

মৈত্ৰী আঁচনিৰ জৰিয়তে ১৬২ খন নতুন থানা নিৰ্মাণ হ’ব। মন কৰিবলগীয়া যে পলাশবাৰীত নিৰ্মাণ কৰা হ’ব এখন অত্যাধুনিক ধানা, য’ত ব্যয় কৰা হ’ব ৫২৫ কোটি টকা।

উল্লেখযোগ্য যে, এই পলাশবাৰীৰ থানাখনত তলৰ মহলাত থানা নিৰ্মাণৰ লগতে উপৰ মহলাত নিৰ্মাণ কৰা হ’ব সকলো আৰক্ষী কৰ্মচাৰীৰ কাৰণে থকা ঘৰ, আৰু ইয়াত সকলো আৰক্ষী কৰ্মচাৰীৰে পৰিয়াল থাকিব পাৰিব।

ইয়াৰ উপৰিও বন বিভাগৰ ১৭০০ পদৰ অনুমোদন আৰু লক্ষীমপুৰত নতুনকৈ ১০০০ ফৰেষ্ট বেটেলিয়িনৰ পদৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।