Breaking: নগাঁৱৰ চেনিকলত চুৰিকাণ্ড;আৰক্ষীৰ জালত ৯ টাকৈ চোৰ

চুৰি কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৫ লাখৰো অধিক টকাৰ হ'ব বুলি জানিব পৰা গৈছে

0
45

কামপুৰস্থ নগাঁও সমবায় চেনিকলত চুৰিকাণ্ড৷ চেনিকলৰ মূল্যৱান সামগ্ৰী চুৰ কৰি আৰক্ষীৰ জালত পৰিল ৯ টাকৈ চোৰ। চুৰি কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৫ লাখৰো অধিক টকাৰ হ’ব বুলি জানিব পৰা গৈছে। চৰকাৰীভাৱে চেনী উদ্যোগটো মৃত ঘোষণা কৰাৰ পিছত দীৰ্ঘদিনৰ পৰা স্থানীয় একাংশ যুৱকে ইলেক্টনিক মটৰ, লোহাৰ আদি চুৰি কৰি আহিছিল ৷

চেনিকলটোৰ মূল্যৱান সামগ্ৰী চুৰি কৰি বিক্ৰী কৰিব নিওতেই কামপুৰ আৰক্ষীয়ে হাতেলুটে ধৰে ৯ টাকৈ চোৰক৷ চেনিকলটোত কোনো পহৰা নথকাৰ বাবেই এনেদৰে সঘনে সংঘটিত হৈছে চুৰিকাণ্ড৷

ধৃত চোৰকেইটা বিমান বৰা, মানস শইকীয়া, টোটেন বৰা, বাবুল শইকীয়া, বীৰেন শইকীয়া, দিলীপ বৰা, দীপ দাস, পিংকু দাস আৰু মিঠুন দাস৷চুৰি কৰা সামগ্ৰীখিনি ভিতৰত প্ৰায় ২০ কেজি ওজনৰ পিতলৰ পাইপ ;মটৰ আৰু অন্যান্য যন্ত্ৰ পাতি আছিল।

Photo:Time8