26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    উদ্ধাৰ হৈছে বিশ্বৰ তৃতীয়টো বৃহৎ তথা বিশ্বৰ সবাতোকৈ অধিক ঘনত্বৰ হীৰাৰ টুকুৰা

    উদ্ধাৰ হৈছে বিশ্বৰ তৃতীয়টো বৃহৎ তথা বিশ্বৰ সবাতোকৈ অধিক ঘনত্বৰ হীৰাৰ টুকুৰা

    ১৬ জুন বুধবাৰে আফ্ৰিকা মহাদেশৰ বোটশ্বানাত বিশ্বৰ তৃতিয়টো সৰ্ববৃহৎ হীৰাৰ টুকুৰা উদ্ধাৰ কৰা হয়। এটা হীৰাৰ খননত সেই টুকুৰাটো উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে। এই টুকুৰাটো ১,০৯৮ কেৰেটৰ ।

    উদ্ধাৰ হোৱা এই হীৰাৰ টুকুৰাটো বৰ্তমানলৈ উদ্ধাৰ হোৱাৰ হীৰা সমূহৰ ভিতৰত সবাতোকৈ অধিক ঘনত্বৰ বুলি সদৰি কৰিছে যিটো একেবাৰে বিৰল । এই বিৰল প্ৰজাতিৰ হীৰাৰ টুকুৰাটো দেশখনৰ ৰাষ্ট্ৰপতিকো দেখুওৱা হৈছে।

    সংঘৰ্ষৰে ভৰা দেশখনৰ বাবে এই আৱিস্কাৰ বাৰুকৈয়ে প্ৰভাৱ পেলাব বুলি সদৰি কৰিছে হীৰা উদ্ধাৰ হোৱা দেৱস্বানা নামৰ হীৰাৰ খনিটোৰ স্বত্বাধীকাৰীৰ। লগতে ইয়াক বৰ্তমানে সংৰক্ষণ কৰ ৰখা হব বুলি জানিবলৈ দিয়ে।

    উল্লেখ্য যে, বিশ্বৰ সবাতোকৈ বৃহৎ হীৰাৰ টুকুৰাটোও আফ্ৰিকা মহাদেশতেই উদ্ধাৰ হৈছিল। ১৯০৫ চনত দক্ষিণ আফ্ৰিকাৰ উদ্ধাৰ হোৱা বৃহৎ হীৰাৰ টুকুৰাটোৰ ওজন -৩১০৬.৭৫ কেৰেট অথবা ৬২১.৩৫ গ্ৰাম।

    আৰু পঢ়ক : লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে প্ৰাণ হেৰুৱালে এজনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং