লোমহৰ্ষক ঘটনা; পত্নীয়ে ভাতত বিহ মিহলাই হত্যা কৰিলে স্বামীক

0
7711

ভাতত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে ! ডিব্ৰুগড়ৰ খোৱাঙত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ।

ভাতত বিহ মিহলাই স্বামীক হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে। খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত সংঘটিত হৈছে এই নাৰকীয় ঘটনাটি ।

উল্লেখ্য যে, মনচুক মুৰ্মু (৩২) নামৰ ব্যক্তিজন মঙলবাৰে নিশাৰ পৰা হঠাৎ অসুস্থ হৈ আজি পুৱা মৃত্যুমূখত পৰে। পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, পত্নীয়ে ভাতত বিহ দি হত্যা কৰিলে স্বামীক ।

খোৱাং আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পত্নী অনিতা মুৰ্মুক সোধা-পোছাৰ বাবে আটক কৰাৰ লগতে ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।