নিশা বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা গছত

0
1032

নিশা বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা গছত

হাজোৰ খোপনিকুছিৰ মৌজাদাৰ পামত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী এখন বৰ যাত্ৰীৰ লগত অহা মেজিক ভেনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা গছত।

নলবাৰীৰ বাঁহজানীৰ পৰা গুৱাহাটীৰ গড়চুকলৈ বিয়া কৰাবলৈ বুলি গৈ থকা অৱস্থাতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বাহনখন।

বাহনখনত থকা মুঠ ৮ জন বিবাহযাত্ৰীৰ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী। GMCH লৈ প্ৰেৰণ কৰা যুৱকজন বাঁহজানী অগ্নিশালাৰ ধীৰাজ তালুকদাৰ।