চাকৰি দিয়াৰ নামত যুৱতীৰ পৰা আগধন বিচাৰি ৰঙাঘৰৰ আলহী হ’ল মনোজ তামুলী! আৰক্ষী উপ-পৰিৰ্দশকৰ চাকৰি দিয়াৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ…

0
121

চাকৰি দিয়াৰ নামত যুৱতীৰ পৰা আগধন বিচাৰি ৰঙাঘৰৰ আলহী হ’ল মনোজ তামুলী! আৰক্ষী উপ-পৰিৰ্দশকৰ চাকৰি দিয়াৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ…

যুৱক-যুৱতীক চাকৰি দিম বুলি প্ৰলোভনৰ জালত পেলাবলৈ ৰৈ থাকে একাংশ দুষ্টচক্ৰ৷ তেনে এক দুষ্টচক্ৰৰ কাৰণেই এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিতেই ৰঙাঘৰৰ আলহী হ’ল লখিমপুৰৰ মনোজ তামুলী ।

কিছুদিন পূৰ্বেই ডিব্ৰুগড়ত সাক্ষাৎকাৰ সম্পন্ন হৈছে বন বিভাগৰ চাকৰিৰ৷ অভিযোগ অনুসৰি, চাকৰি দিয়াৰ বিনিময়ত মনোজয়ে গেৰুকামুখৰ এগৰাকী যুৱতীক পৰা দাবী কৰিছিল তিনিলাখ টকা৷

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতেই প্ৰৱঞ্চক মনোজ তামুলী গোগামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ সূত্ৰ অনুসৰি, ইয়াৰ পূৰ্ৱেও লখিমপুৰ আৰু তেজপুৰত আৰক্ষী উপ-পৰিৰ্দশক চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অপৰাধত ইতিমধ্যে তেজপুৰ কাৰাগাৰৰ অতিথি হ’ব লগা হৈছিল৷