চৰ্চাত মাজুলী থানাৰ উপ-পৰিদৰ্শক! ভাৰাঘৰৰ কোঠাৰ ভিতৰত প্ৰাক্তন প্ৰেয়সীক মাৰপিট, যুৱতীগৰাকী চিকিৎসালয়লত ভৰ্তি…

0
9796

চৰ্চাত মাজুলী থানাৰ উপ-পৰিদৰ্শক! ভাৰা ঘৰৰ কোঠাৰ ভিতৰত প্ৰাক্তন প্ৰেয়সীক মাৰপিট, যুৱতীগৰাকী চিকিৎসালয়লত ভৰ্তি…

মাজুলীত পুনৰ চৰ্চালৈ আহিছে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক৷ মাজুলীত এইবাৰ চৰ্চিত হৈছে মাজুলী থানাৰ উপ-পৰিদৰ্শক পৰাগ চৌধুৰী৷ এইবাৰো কাহিনীৰ আঁৰত আছে প্ৰেম৷

মঙলবাৰে নিশা এগৰাকী যুৱতীয়ে আশ্ৰয় গ্ৰহণ কৰিছিল পৰাগ চৌধুৰীৰ ভাৰাকোঠাত৷ নিশাটো পাৰ হোৱাৰ পাচত পুৱাই এছ আই চৌধুৰীৰ কোঠাত সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ৷

নিশা আহি আশ্ৰয় লোৱা সেই যুৱতীগৰাকী আন কোনো নহয় তেওঁ এছ আই পৰাগ চৌধুৰীৰ প্ৰাক্তন প্ৰেয়সী৷ কোনো কথাত দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হৈ পাছত কাজিয়া ডাঙৰ হৈ পৰে৷

হুলস্থূল শুনি সেই স্থানত উপস্থিত হয় স্থানীয় লোকভাৰাঘৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰায় এমাহ পূৰ্বে এছ আই পৰাগ চৌধুৰীয়ে সেই কোঠাটো ভাৰালৈ লৈছিল৷ আৰক্ষী বিষয়াজনৰ সৈতে আন এগৰাকী যুৱকো আছিল বুলি সংবাদ মাধ্যমক জনায়৷

কিন্তু মঙলবাৰে নিশা সেই কোঠাত আশ্ৰয় লৈছিল পৰাগ চৌধুৰীৰ প্ৰাক্তন প্ৰেয়সীয়ে তাৰ পাছতেই পুৱালৈ সৃষ্টি হয় এই হুলস্থূলীয়া পৰিবেশৰ কোঠাৰ ভিতৰৰ পৰা যুৱতীৰ চিঞৰ ভাঁহি অহাত কোঠাৰ বাহিৰত ভিৰ কৰেহি স্থানীয় লোকে৷

কোনোৱে খবৰ দিয়াত আৰক্ষীও আহি উপস্থিত হয় সেই স্থানত৷ আৰক্ষীয়ে এছ আই পৰাগ চৌধুৰী আৰু যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ যায়৷ দুয়োৰে মাজত হোৱা হতাহতিত এছ আই চৌধুৰী আৰু তেওঁৰ প্ৰাক্তন প্ৰেয়সী দুয়োৱেই কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷